‘বিদেশী সুৰাৰ দাম নকমাই পেট্র’পণ্যত কৰ কমাওক’, পুনৰ বিৰোধী ৰাজ্যসমূহক লক্ষ্য কেন্দ্রৰ

hardeep singh puri 1

পেট্র’ল-ডিজেলৰ দাম কমোৱাক লৈ কেন্দ্র ৰাজ্য সংঘাতত নতুন মাত্রা । প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ (Narendra Modi) পাছত এইবাৰ পেট্র’লিয়াম মন্ত্রী হৰদীপ সিং পুৰিয়ে লক্ষ্য কৰিলে বিৰোধী দলৰ দখলত থকা ৰাজ্যসমূহক । পুৰিৰ স্পষ্ট কথা, বিৰোধীসকলৰ দখলত থকা ৰাজ্যসমূহে যদি বিদেশী সুৰাৰ দাম নকমাই পেট্র’ল ডিজেলৰ দাম কমালে হয়, তেনেহ’লে এই ৰাজ্যসমূহৰ জনসাধাৰণে স্বস্তি পালে হয় ।

বুধবাৰে প্রধানমন্ত্রী মোদী বিৰোধীৰ দখলত থকা একাধিক ৰাজ্যক পেট্র’ল-ডিজেলৰ ওপৰত থকা ভেট কমাবলৈ অনুৰোধ জনাইছিল । যোৱা নৱেম্বৰত কেন্দ্র‌ই যেতিয়া পেট্র’ল-ডিজেলত (Petrol-Diesel) শুল্ক কমাইছিল, সেই সময়ত পশ্চিমবংগ, তেলেংগানা, অন্ধ্রপ্রদেশ, তামিলনাডু, কেৰালা আৰু ঝাড়খণ্ডৰ বাহিৰে বাকী ৰাজ্যসমূহেও ভেট কমোৱাৰ সিদ্ধান্ত লয় । বুধবাৰে সেই প্রসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, সেই সময়ত পেট্র’পণ্যত কৰ নকমাই অন্যায় কৰিছে এই ৰাজ্যৰ চৰকাৰবোৰে । সেই দাম নকমালেও এতিয়া এই চৰকাৰবোৰে ৰাজ্যবাসীৰ কথা ভাবি কৰ কমোৱা উচিত বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে ।

যদিও প্রধানমন্ত্রীৰ সেই পৰামর্শ স্পষ্টভাৱে নাকচ কৰিছে এই ৰাজ্যৰ মুখ্যমন্ত্রীসকলে । মমতা বন্দ্যোপাধ্যায় (Mamata Banerjee), উদ্ধৱ ঠাকৰে, চন্দ্রশেখৰ ৰাও-য়ে (KCR) কৈছে, পেট্র’লৰ দাম কমোৱা কেন্দ্রৰ দায়িত্ব । কাৰণ কেন্দ্র‌ই পেট্র’ল-ডিজেলৰ পৰা ৰাজ্যৰ তুলনাত বহু বেছি কৰ লয় । নৱেম্বৰত প্রধানমন্ত্রীয়ে যেতিয়া ৰাজ্যসমূহক পেট্র’পণ্যৰ দাম কমাবলৈ অনুৰোধ কৰিছিল, সেই সময়ত কংগ্রেছৰ দখলত যি তিনিখন ৰাজ্য আছিল, তেওঁলোকেও কৰ কমোৱাৰ সিদ্ধান্ত লৈছিল । সেই দিশৰ পৰা চাবলৈ গ’লে মোদীৰ বুধবাৰৰ আক্রমণৰ লক্ষ্য কংগ্রেছ (Congress) নাছিল । তৎসত্ত্বেও কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) বৃহস্পতিবাৰে টুইট কৰে বিৰোধী শাসিত ৰাজ্যসমূহৰ লগত আছো ।

ৰাহুলৰ বক্তব্য, “ইন্ধনৰ মূল্যৰ বাবে ৰাজ্যসমূহক দোষ, কয়লাৰ অভাৱৰ বাবে ৰাজ্যসমূহক দোষ, অক্সিজেন সংকটৰ বাবে ৰাজ্যসমূহক দোষ । ইন্ধনত ৬৮ শতাংশ কৰ লৈছে কেন্দ্র‌ই, অথচ প্রধানমন্ত্রীয়ে দাম বঢ়াৰ বাবে দোষাৰোপ কৰিছে ৰাজ্যসমূহক । প্রধানমন্ত্রীৰ ফেডাৰেলিজম সমন্বয়মূলক নহয়, জবৰদস্তিমূলক ।”

বিৰোধীসকলৰ এই সমবেত আক্রমণৰ বিৰুদ্ধে মুখ খুলিছে কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী হৰদীপ সিং পুৰিয়ে । তেওঁৰ বক্তব্য, “বিৰোধী শাসিত ৰাজ্যসমূহে যদি বিদেশী সুৰাৰ শুল্ক নকমাই পেট্র’ল-ডিজেলৰ কৰ কমালে হয়, তেনেহ’লে পেট্র’ল-ডিজেল সস্তাত পোৱা গ’ল হয় ।” পুৰিৰ বক্তব্য, মহাৰাষ্ট্র আৰু ৰাজস্থান চৰকাৰে পেট্র’লৰ প্রতি লিটাৰত ৩২.১৫ টকা আৰু ২৯.১০ টকা কৰ লয়, কিন্তু উত্তৰাখণ্ড আৰু উত্তৰ প্রদেশে পেট্রলত কৰ লয় মাত্র ১৪ টকা ৫১ প‌ইচা আৰু ১৬ টকা ৫০ প‌ইচা ।”

Exit mobile version