‘বিদ্যালয়ত বাইবেল-কোৰান পঢ়াব নোৱাৰিব, গীতা সকলোৰে ঊর্ধ্বত’, কর্ণাটকৰ মন্ত্রীৰ মন্তব্যত বিতর্ক

Karnataka 1

হিজাব বিতর্কৰ পাছত এইবাৰ বাইবেল (Bible) বিতর্ক কর্ণাটকত (Karnataka) । এই ঘটনাৰ কেন্দ্রও শিক্ষাকেন্দ্র । কিছুদিন আগতেই বেংগালুৰুৰ (Bengaluru) এখন বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে এটা হিন্দুত্ববাদী সংগঠনে অভিযোগ তোলে, তাত জোৰ কৰি শিক্ষাৰ্থীসকলক বাইবেল পঢ়োৱা হৈছে । ইয়াৰ পাছত এই অভিযোগ পৰ্যবেক্ষণ কৰাৰ প্রক্রিয়া আৰম্ভ কৰে বিজেপি শাসিত ৰাজ্যৰ শিক্ষাদপ্তৰে ।

ইতিমধ্যে বিদ্যালয়খনক এই বিষয়ত কাৰণ দর্শাবলৈ (Show Cause) কোৱা হৈছে । ইয়াৰ মাজতেই গীতা আৰু বাইবেলক লৈ মন্তব্য কৰি বিতর্কত সাঙুৰ খাই পৰিল কর্ণাটকৰ শিক্ষামন্ত্রী । বুধবাৰে তেওঁ কয়, গীতা সকলোৰে ঊর্ধ্বত, গীতাৰ স’তে বাইবেলক সংমিশ্ৰিত কৰা উচিত নহয় ।

উল্লেখ্য, সোমবাৰে ২৫ এপ্রিলত বাইবেল সংক্রান্ত এই অভিযোগ উঠে বেংগালুৰুৰ ক্লাৰেন্স হাইস্কুলৰ বিৰুদ্ধে । হিন্দু জনজাগৃতি সমিতিয়ে অভিযোগ কৰে, বিদ্যালয়খনে সকলো ছাত্র-ছাত্ৰীৰ ওপৰতেই বাইবেল জাপি দিছে । শিক্ষাৰ্থীসকলে বিদ্যালয়ত বাইবেল লৈ যোৱা বাধ্যতামূলক কৰা হৈছে । এই বিষয়ত অভিভাৱকসকলক অংগীকাৰপত্রতো স্বাক্ষৰ কৰিবলৈ কোৱা হৈছে ।

যদিও বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পাছতে বিদ্যালয় কর্তৃপক্ষ‌ই বিবৃতি দিয়ে, “তেওঁলোকৰ বিদ্যালয়ৰ এটা নীতিৰ বিৰুদ্ধে কোনো কোনোৱে আপত্তি কৰিছে । তেওঁলোকে আইন মানি চলিব । দেশৰ আইন ভংগ নকৰে ।” এই বিষয়তেই আজি মন্তব্য কৰে কর্ণাটকৰ শিক্ষামন্ত্রী বিচি নাগেশে ।

নাগেশে কয়, “বাইবেল আৰু কোৰান ধর্মীয় গ্রন্থ । ভাগৱত গীতাৰ স’তে ইয়াক সংমিশ্ৰিত নকৰিব । ভাগৱত গীতা ধর্মীয় গ্রন্থ নহয় । ই কেৱল ধর্মীয় আচাৰৰ কথা নকয় । কেনেদৰে প্রার্থনা কৰিব লাগে, সেইবোৰ নাই ইয়াত । এই কিতাপখন এইবোৰৰ অনেক ঊর্ধ্বত ।” ফলত বাইবেল আৰু কোৰানক স্কুলত পঢ়াব নোৱাৰিব । লগতে শিক্ষামন্ত্রীয়ে জনায়, “আমি শিক্ষাৰ্থীসকলৰ নৈতিক বিজ্ঞানৰ পাঠক্রমত এনে কিছু অন্তর্ভুক্ত কৰিব বিচাৰিছো, যিয়ে তেওঁলোকৰ নৈতিক বোধক উন্নত কৰিব ।”

উল্লেখ্য, মঙলবাৰে ৰাজ্যৰ শিক্ষা দপ্তৰে শ্ব’-কজ জাননী প্ৰেৰণ কৰিছিল অভিযুক্ত বেংগালুৰুৰ ক্লাৰেন্স হাইস্কুলক । আনহাতে, নেচনেল কমিছন ফৰ প্রটেকছন অৱ চাইল্ড ৰাইটছেও (NCPCR) এই বিষয়ত তদন্তৰ দাবী কৰিছে । তেওঁলোকৰ বক্তব্য, শিক্ষাৰ্থীসকলৰ ওপৰত বাইবেল জাপি দি সংবিধানৰ ২৫ নং ধাৰা লংঘন কৰিছে স্কুলে । তেওঁলোকেও বিদ্যালয়খনৰ পৰা সাত দিনৰ ভিতৰত সন্তোষজনক উত্তৰ বিচাৰিছে ।

Exit mobile version