সত্যত প্ৰমাণিত হ’ল আশংকা, পোলেণ্ড আৰু বুলগেৰিয়াত গেছৰ যোগান বন্ধ কৰিলে ৰাছিয়াই

Russia 1

অৱশেষত সত্য হ’ল আশংকা। পোলেণ্ড আৰু বুলগেৰিয়ালৈ গেছৰ যোগান বন্ধ কৰিলে ৰাছিয়াই। বুধবাৰে ৰাছিয়াৰ চৰকাৰী তেল আৰু গেছ উৎপাদকাৰী সংস্থা ‘গেজপ্ৰম’ ঘোষণা কৰে যে টকা পৰিশোধ নকৰাৰ বাবে দুয়োখন চুবুৰীয়া দেশলৈ গেছৰ যোগান বন্ধ কৰি দিয়া হৈছে।

ৰয়টাৰ্ছৰ সূত্ৰ অনুসৰি, মস্কোৱে গেছৰ মূল্য পূৰণৰ বাবে ৰাছিয়াৰ মুদ্ৰা ৰুবেল ব্যৱহাৰৰ দাবী জনাইছিল। অৱশ্যে পোলেণ্ড আৰু বুলগেৰিয়াই এই দাবীত মনোযোগ দিয়া নাছিল। ফলস্বৰূপে, ৰাছিয়াই দুয়োখন দেশক গেছ যোগান বন্ধ কৰি দিছে।

ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত আমেৰিকা আৰু ইউৰোপীয় ইউনিয়নে ৰাছিয়াৰ ওপৰত কেবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ ফলস্বৰূপে, মস্কোৱে বিদেশত সঞ্চিত প্ৰায় ৩০০ বিলিয়ন ডলাৰৰ ধন স্পৰ্শ কৰিবলৈ অক্ষম হৈছে।

একে সময়তে, ৰাছিয়াৰ বেংকবোৰক আন্তৰ্জাতিক বিত্তীয় লেনদেনৰ ‘ছুইফ্ট’ প্ৰণালীৰ পৰা বাদ দিয়া হৈছে। তেতিয়াৰ পৰা, পুটিন প্ৰশাসনে ইন্ধনৰ মূল্য ৰুবেলত পূৰণ কৰাৰ দাবী কৰি আহিছে।

ৰাছিয়াৰ চৰকাৰী তেল আৰু গেছ উৎপাদক গেজপ্ৰমে জনাই যে পোলেণ্ড আৰু বুলগেৰিয়াই এক এপ্ৰিলৰ পৰা ইন্ধনৰ মূল্য পূৰণ কৰা নাছিল, সেয়েহে তেওঁলোকে বুধবাৰে গেছ যোগান বন্ধ কৰে।

কেৱল সেয়াই নহয়, ৰাছিয়াৰ কোম্পানীটোৱে সতৰ্ক কৰি দিছে যে যদি দুয়োখন দেশে পাইপলাইনৰ পৰা অবৈধভাৱে গেছ লোৱাৰ চেষ্টা কৰে, তেন্তে সেই পৰিমাণৰ গেছ আন ইউৰোপীয় দেশসমূহক আৱণ্টন কৰা পৰিমাণৰ পৰা কৰ্তন কৰা হ’ব।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আগতে কয় যে “বন্ধুত্বহীন” দেশবোৰে ৰাছিয়াৰ মুদ্ৰাত গেছৰ মূল্য পৰিশোধ কৰিব লাগিব নহ’লে তেওঁলোকৰ যোগানও বন্ধ কৰা হ’ব।

ঘটনাটোৰ পাছত ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে। ইন্ধনৰ বৈকল্পিক উৎসৰ বিষয়ে আলোচনা কৰা হৈছে। বুলগেৰিয়াৰ শক্তি মন্ত্ৰী আলেকজেণ্ডাৰ নিচোলভে কয়, “মই কোনো ধৰণৰ চাপৰ পৰা হাৰ মানিব নোৱাৰিম। বৈকল্পিক ব্যৱস্থা লোৱা হ’ব। “ৰাছিয়াৰ পৰা “ভাবুকি” স্পষ্ট: যদি প্ৰয়োজন হয়, ইউৰোপলৈ শক্তিযোগান বন্ধ কৰা হ’ব।”

ইফালে, ৰাছিয়াৰ এই পদক্ষেপত ইউৰোপীয় ক্ষুব্ধ হৈ পৰে। ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰপতি উৰসুলা ভন ডেৰ লেয়েনে ৰাছিয়াৰ ওপৰত ইয়াৰ শক্তি যোগানৰ বাবে ইউৰোপক ব্লেকমেইল কৰাৰ অভিযোগ উত্থাপন কৰিছে।

জাৰ্মানী, ইটালী আৰু ফ্ৰান্সকে ধৰি বহুতো ইউৰোপীয় দেশ শক্তিৰ বাবে ৰাছিয়াৰ ওপৰত নিৰ্ভৰ কৰে। আৰু কম সময়ৰ ভিতৰতে সেই নিৰ্ভৰশীলতা অতিক্ৰম কৰা সম্ভৱ নহয়। বিত্তীয় নিষেধাজ্ঞা স্বত্বেও, ইউৰোপে ইন্ধনৰ মূল্যৰ বাবে ৰাছিয়াক দৈনিক ৪০ কোটি ডলাৰ পৰিশোধ কৰে। ফলস্বৰূপে, বহুলোকে মস্কোৰ পদক্ষেপৰ সংকেত দেখিছে।

Exit mobile version