১২৫ বিলিয়ন ডলাৰৰ সম্পত্তিৰে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ চতুৰ্থ স্থানত আদানী

MA GA

অর্বুদপতিৰ সম্পত্তি বৃদ্ধিৰ প্ৰতিযোগিতাত ভাৰতীয় উদ্যোগপতি তথা এছিয়াৰ সবাতোকৈ ধনাঢ্য ব্যক্তি গৌতম আদানীৰ জয়যাত্রা অব্যাহত আছে।

বিলিয়নেৰ ইনডেক্সৰ শেহতীয়া পৰিসংখ্যা অনুসৰি, কালি আদানী গোষ্ঠীৰ মুৰব্বী গৌতম আদানীয়ে পুনৰ এক সফলতা অর্জন কৰিলে।

বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তিৰ তালিকাত বুধবাৰে চতুৰ্থ স্থান দখল কৰিলে আদানীয়ে। এই স্থানত পূৰ্বে থকা মাইক্ৰ’ছফটৰ সহপ্রতিষ্ঠাপক বিল গেটছৰ স’তে স্থান গ্রহণ কৰিলে আদানীয়ে৷

প্রকাশিত বাতৰি অনুসৰি বুধবাৰে আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ ১২৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পালে। গেটছৰো সম্পত্তিৰ মূল্য হৈছে ১২৫ বিলিয়ন ডলাৰ।

মাত্র ২৪ ঘণ্টাতে আদানীয়ে উপাৰ্জন কৰিলে ৬.৩১ বিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত চাৰি লাখ ৮৪ হেজাৰ কোটি টকা। এই বৃদ্ধিৰ জৰিয়তে আদানীৰ সম্পত্তিৰ পৰিমাণ ১২৫ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে বিল গেটছৰ সম্পত্তিৰ পৰিমাণ ১৭১ বিলিয়ন ডলাৰৰ পৰা হ্রাস পাই ১২৫ বিলিয়ন ডলাৰ হ’ল।

আদানীৰ স্থান উন্নত হোৱাৰ বিপৰীতে শীর্ষ ১০ ধনাঢ্য তালিকাত স্থানৰ অৱনমন হ’ল ৰিলায়েন্সৰ মুৰব্বী মুকেশ আম্বানীৰ। সম্প্রতি এই তালিকাত ১০২ বিলিয়ন ডলাৰৰ সম্পত্তিৰে নৱম স্থানত আছে আম্বানী। দুদিন পূর্বে আম্বানীয়ে ধনাঢ্য ব্যক্তিৰ তালিকাখনত অষ্টম স্থান লাভ কৰিছিল।

Exit mobile version