Hijab Row : এইবাৰ জম্মু-কাশ্মীৰৰ বিদ্যালয়ত হিজাব নিষিদ্ধ কৰিলে কর্তৃপক্ষ‌ই

373818 hijab

এইবাৰ হিজাব সন্দৰ্ভত (Hijab Row) উত্তপ্ত উপত্যকাল ৰাজনীতি । শিক্ষাৰ্থীসকলে হিজাব পৰিধান কৰিব নোৱাৰিব । এই নির্দেশনা জাৰি কৰিলে জম্মু-কাশ্মীৰৰ বাৰামুলাৰ এখন বিশ্ববিদ্যালয়ে । সেই নির্দেশনাক লৈ উপত্যকাৰ ৰাজনৈতিক পাৰদ বাঢ়িছে ।

তথ্য অনুসৰি, এই নির্দেশনা জাৰি কৰিছে ‘Dagger Parivar’ নামৰ এখন বিদ্যালয়ে । পুনেৰ এখন এনজিঅ’ আৰু Chinar Corps Indian Army-য়ে একেলগে বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে বিদ্যালয়খনৰ প্ৰস্তুতি চলায় । সেই বিদ্যালয় কর্তৃপক্ষই শিক্ষাৰ্থীসকলক উদ্দেশ্যি এই নতুন নির্দেশনা জাৰি কৰিছে । য’ত স্পষ্টভাৱে কোৱা হৈছে, বিদ্যালয়ৰ ভিতৰত শিক্ষাৰ্থীসকলে হিজাব (Hijab Row) পৰিধান কৰিব নোৱাৰিব ।

কিয় এই নির্দেশনা ?

বিদ্যালয় কর্তৃপক্ষৰ দাবী, শিশুসকলৰ মনত যাতে ভয়ৰ সঞ্চাৰ নহয়, তেওঁলোকে যাতে কোনো সংশয়ত নাথাকে আৰু বহু বেছি নিৰাপদ অনুভৱ কৰে, তাৰ বাবেই এই নির্দেশনা দিয়া হৈছে । ঘটনাৰ সমালোচনা কৰিছে জম্মু-কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী মেহবুবা মুফতি আৰু উমৰ আবদুল্লাই ।

Exit mobile version