বাগসাত মুখ্যমন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনাৰ চাউল বিতৰণত অনিয়ম

বহুমুখী সমবায়ৰ এজেণ্টৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

বাগসাত মুখ্যমন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনাৰ চাউল বিতৰণত অনিয়ম ৷ চাউল লাভৰ পৰা বঞ্চিত হিতাধিকাৰী ৷ বহুমুখীৰ এজেন্টৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ ৷ পৰিবহণ খৰচৰ নামত হিতাধিকাৰীৰ পৰা ধন লোৱাৰ অভিযোগ ৷

বিগত তিনি মাহে লাভ কৰা নাই অন্ন সুৰক্ষাৰ চাউল ৷ বাগসা জিলাৰ শালবাৰী মহকুমাৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত উলুবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ গাঁওখনৰ বহুমুখী সমবায়ৰ এজেন্ট ৰবেন দাসৰ বিৰুদ্ধে ওলাই আহিছে ৰাইজ ৷

উল্লেখ্য যে বিগত তিনি মাহে এজেন্ট ৰবেন দাসে গাঁওখনৰ হিতাধিকাৰীসকলক প্ৰদান কৰা নাই অন্ন সুৰক্ষা আঁচনিৰ চাউল ৷ হিতাধিকাৰীসকলে চাউলৰ বিষয়ে সুধিলে এইবাৰ অহা নাই বুলি কৈয়ে দায় সাৰে ৰবেন দাসে ৷ আনকি ইয়াৰ পূৰ্বে পৰিবহণ খৰচৰ নামত এজেন্ট দাসে প্ৰতিগৰাকী হিতাধিকাৰীৰ বিপৰীতে পাঁচ টকাকৈ সংগ্ৰহ কৰিছিল ৷

আজি গাঁওখনৰ ৰাইজ ওলাই আহি ৰবেন দাসৰ বিৰুদ্ধে ক্ষোভ উজাৰি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷ ৰাইজে অভিযোগ কৰা অনুসৰি বিগত তিনি মাহে এজেন্ট দাসে হিতাধিকাৰীসকলক চাউল দিয়া নাই ৷ যাৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকল সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ ৰাইজে শীঘ্ৰে অন্ন সুৰক্ষা আঁচনিৰ চাউল দিবলৈ ৰবেন দাসক দাবী জনাইছে ৷

Exit mobile version