বাগসাৰ কলেজীয়া ছাত্ৰী নিখোজ

নিজৰ সন্তানক ঘৰলৈ ঘূৰি আহিবলৈ মাতৃৰ বিননি

WhatsApp Image 2022 04 29 at 1.50.00 PM

বাগসা জিলাৰ জালাহ উলুবাৰীৰ এগৰাকী কলেজীয়া ছাত্ৰী বিগত দুদিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কলেজলৈ যোৱাৰ পথত যোৱা ২৫ এপ্ৰিলত নিৰুদ্দিষ্ট হয় ছাত্ৰীগৰাকী ৷

জালাহৰ ডা৹ অনন্ত একাডেমী জুনিয়ৰ কলেজত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ নাম কৰিনা দাস ৷ এইফালে নিজৰ কন্যাক বিচাৰি দিনে-নিশাই ক্ৰন্দনত ভাগি পৰিছে ছাত্ৰীগৰাকীৰ মাতৃ ৷

ইতিমধ্যে জালাহ আৰক্ষী চকীত নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰিছে ৷ কিন্তু বিগত তিনিদিন ধৰি কৰিনা দাসৰ কোনো শুংসূত্ৰ পৰিয়ালৰ লগতে আৰক্ষীয়েও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

সূত্ৰ অনুসৰি, জালাহ আৰক্ষী চকীৰ অন্তৰ্গত উলুবাৰীৰ ভূপেন দাস আৰু অঞ্জুমনি দাসৰ জীয়ৰী কৰিনা দাস বিগত ২৫ এপ্ৰিলত ঘৰৰ পৰা ওলাই আহিছিল কলেজলৈ বুলি ৷ কিন্তু সন্ধিয়ালৈ কৰিনা ঘৰলৈ ঘূৰি নোযোৱাত পিতৃ- মাতৃ চিন্তিত হৈ পৰে ৷ আনকি কৰিনাৰ লগত থকা মোবাইল ফোনটোও সিদিনাৰ পৰাই বন্ধ হৈ আছে ৷ বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰিলে যদিও আজিলৈ কোনো সন্ধান নাপালে ছাত্ৰীগৰাকীৰ ৷

তিনিদিন ধৰি কৰিনাৰ কোনো সন্ধান নোপোৱাত মাতৃয়ে কান্দি কান্দি নিজ কন্যাক য’তে আছে ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে ৷

Exit mobile version