COVID-19 : ক’ভিড আপডেট

1649448113 covid

কৰ’না সংক্রমণ কমাৰ লক্ষণেই নাই ভাৰতত । বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণ আৰু বাঢ়িছে । ইপিনে দেশত কৰ’না আক্রান্ত হৈছে তিনি হেজাৰ ৩৭৭ জন । যাৰ ভিতৰত কেৱল দিল্লীতে কৰ’নাত আক্রান্ত হৈছে ১৪৯০ জন ।

ADVERTISEMENT

এই বৃদ্ধি কৰ’নাৰ পৰৱর্তী স্ফীতিৰ সূচক নেকি, সেই সন্দৰ্ভত এতিয়াও স্পষ্টকৈ কোৱা নাই কেন্দ্র‌ই । প্রধানমন্ত্রী নৰেন্দ্র মোদীৰে এটা বৈঠকত সম্প্রতি কৈছিল, ‘‘অ’মিক্রনৰ নতুন ৰূপে বিদেশত কিমান বিপদ বঢ়াইছে, সেয়া সকলোৱে দেখিছে, ভাৰততো এনে হোৱা অস্বাভাৱিক নহয় ।’’

প্ৰধানমন্ত্ৰীৰ এই মন্তব্য যে অমূলক নহয়, তাৰ প্রমাণ পোৱা গ’ল দেশত দুদিন একেই হাৰত সংক্রমণ বৃদ্ধিত । ইয়াৰ ভিতৰত দিল্লী, হৰিয়ানা, কেৰালা আৰু উত্তৰ প্রদেশত দৈনিক সংক্রমণ অন্যান্য ৰাজ্যৰ তুলনাত অধিক ।

শুকুৰবাৰে প্রকাশিত কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ বুলেটিন অনুযায়ী দেশত সম্প্ৰতি মুঠ কৰ’না ৰোগীৰ সংখ্যা ১৭ হেজাৰ ৮০১ জন । পজিটিভিটি ৰেট অর্থাৎ মুঠ পৰীক্ষাৰ নিৰিখত সংক্রমণৰ হাৰ ০.৭১ শতাংশ ।

যোৱা ২৪ ঘণ্টাত চাৰি লাখ ৭৩ হেজাৰ ৬৩৫ জনৰ কৰ’না পৰীক্ষা কৰোৱা হৈছে দেশত । ২৪ ঘণ্টাত দেশত মুঠ মৃতৰ সংখ্যা ৬০ জন ।

Exit mobile version