Israel-Palestine Conflict : আল আক্সা মছজিদ চৌহদত পেলেষ্টেনীয়ৰ স’তে সংঘর্ষ ইজৰাইল আৰক্ষীৰ, আহত ৪২

ikmh6vqg jerusalem clash reuters

ইজৰাইল আৰক্ষীৰ স’তে পেলেষ্টেনীয় জনতাৰ সংঘর্ষত ৰক্তাক্ত হ’ল জেৰুজালেমৰ আল-আক্সা মছজিদ চৌহদ । শুকুৰবাৰে পুৱা আৰম্ভ হোৱা কে’বা পৰ্যায়ৰ সংঘর্ষত প্ৰায় ৪২ জন আহত হৈছে । তেওঁলোকৰ ভিতৰত কিছুসংখ্যক গুৰুতৰভাৱে আহত হৈছে বলি পেলেষ্টেনীয় মানৱাধিকাৰ সংগঠন ‘ৰেড ক্রিছেন্ট ছ’চাইটি’য়ে দাবী কৰিছে ।

পৱিত্র ৰমজান মাহৰ শেষ শুকুৰবাৰৰ নমাজৰ আগতে ইজৰাইলি আৰক্ষীয়ে লাঠি, ঢাল, ৰবৰ বুলেট, কন্দোৱা গেছ লৈ মছজিদ চৌহদৰ কাষত পেলেষ্টেনীয় বিক্ষোভকাৰীসকলৰ সমাগমত আক্ৰমণ কৰে বুলি অভিযোগ । প্ৰত্যুত্তৰত বিক্ষোভকাৰীসকলেও ইটা-শিল দলিয়াই । এসময়ত আৰক্ষীয়ে আল আক্সা চৌহদত প্ৰৱেশ কৰি সংঘর্ষত লিপ্ত হয় । বৃহস্পতিবাৰ নিশাও আল আক্সা চৌহদত দুই তৰফৰ সংঘর্ষ হৈছিল ।

জেৰুজালেম আৰক্ষীয়ে শুকুৰাবাৰে সন্ধিয়া জনাইছে, শিল দলিওৱা আৰু হিংসাত উচতনি দিয়াৰ অভিযোগত তিনিজনক গ্রেপ্তাৰ কৰা হৈছে । যোৱা বছৰ, আল আক্সা চৌহদত এই সংঘর্ষৰ পাছত পেলেষ্টেনীয় বিদ্রোহী গোষ্ঠী হামাছৰ স’তে সশস্ত্র যুদ্ধত লিপ্ত হৈছিল ইজৰাইল সেনা । প্রসংগত, ইছলাম ধর্মাৱলম্বীৰ এই পৱিত্র মছজিদৰ চৌহদতেই আছে ইহুদিসকলৰ ধর্মস্থান টেম্পল মাউন্ট ।

Exit mobile version