জিলাই জিলাই প্ৰতিবাদী কাৰ্য্যসূচী, ওলাই আহিল শত-সহস্ৰ নাগৰিক

পৰ্বতসম, অসহনীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত আজি ৰাজ্যজুৰি জাতীয় বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে অসম জাতীয় পৰিষদ দলে৷

‘হয় মূল্য নিয়ন্ত্ৰণ কৰক, নহ’লে চৰকাৰে গাদী এৰক’ – মূলতঃ এই শ্লোগানেৰে ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাৰ সদৰত শত-সহস্ৰ লোকে আজি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷

গুৱাহাটীত দলৰ কামৰূপ (মহানগৰ) জিলাৰ উদ্যোগত ৰাজ্যৰ আৰ্থিক ৰাজধানীস্বৰূপ ফাঁচী বজাৰৰ মাজমজিয়াত জাতীয় পৰিষদৰ কেবাশ প্ৰতিবাদকাৰীয়ে চৰকাৰৰ আৰু মোনাফাখোৰ বনিয়া গোষ্ঠীৰ বিৰুদ্ধে শ্লোগান দিয়ে৷

মূল্যবৃদ্ধিত চৰকাৰে আওপকীয়াকৈ অৰিহনা যোগাই অহাৰ প্ৰতিবাদত তথা মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত জাতীয় পৰিষদে আৰম্ভ কৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্য্যসূচীৰ দ্বিতীয় লানি কাৰ্য্যসূচী হিচাপে আজি দলে আজি ৰূপায়ন কৰা এই জাতীয় বিক্ষোভ কাৰ্য্যসূচীত দলৰ সদস্য নোহোৱা বহুসংখ্যক সাধাৰণ নাগৰিকেও অংশগ্ৰণ কৰে৷

Exit mobile version