কুইন্টলত পাঁচশ টকা বৃদ্ধি চাউলৰ মূল্য

নিশাৰ ভিতৰতে বৃদ্ধি পালে অন্নমুঠিৰ দাম

1

চৰকাৰে বজাৰ ব্যৱস্থাক বৃহৎ ব্যৱসায়ীক অনানুষ্ঠানিকভাৱে হস্তান্তৰ কৰাৰ পৰিণাম আকাশলংঘী মূল্যবৃদ্ধি আদায় দি ভুগিছে সাধাৰণ জনতাই । বৃহৎ ব্যৱসায়ীয়ে বজাৰ নিয়ন্ত্ৰণ কৰাৰ বাবেই সাধাৰণ জনতাৰ মূল্য নিয়ন্ত্ৰণৰ দাবী চৰকাৰৰ ওচৰত গুৰুত্বহীন হৈছে । তেনে ব্যৱসায়ৰ কেঁকোৰা চেপাত উশাহ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে ৰাইজৰ । চৰকাৰ ব্যস্ত কেৱল ভোটবেংকৰ ৰাজনীতিৰে হিতাধিকাৰী সৃষ্টিৰ আঁচনিতহে । বজাৰত যে মূল্যবৃদ্ধিৰ জুই জ্বলিছে তালৈ কাণ দিয়াৰ প্ৰয়োজনবোধ চৰকাৰে মুঠেও কৰা নাই ।

হিতাধিকাৰী হিচাপে লাভ কৰা সা-সুবিধাৰ বাদেও দৈনন্দিন জীৱন-যাত্ৰাত আৰু বহু কিবা-কিবিৰ প্ৰয়োজন হয়, সেই কথা জানো চৰকাৰে উপলব্ধি কৰিছে ? মূল্যবৃদ্ধিৰ মাধমাৰেৰে হিতাধিকাৰী হিচাপে লাভ কৰা ৰেহাই অন্য প্ৰয়োজনীয় সামগ্ৰীৰ চৰা দামেৰে চৰকাৰেই কাঢ়ি নিছে । মুঠৰ ওপৰত বৃহৎ ব্যৱসায়ীৰ হাতত জনসাধাৰণক এৰি দি ৰং চাইছে চৰকাৰে ।

কি কি সামগ্ৰীৰ দাম বঢ়া নাই বুলি এতিয়া আৰু প্ৰশ্ন নাহে । বিলাসী সামগ্ৰী বাদেই জীৱন ধাৰণৰ একেবাৰে প্ৰয়োজনীয় প্ৰতিবিধ সামগ্ৰীৰ আকাশলংঘী হৈছে মূল্যবৃদ্ধি। চাউল-দাইলৰ পৰা ঔষধলৈ, শাক-পাচলিৰ পৰা মাছ, মঙহলৈ সকলোতে মূল্যবৃদ্ধিৰ প্ৰতিযোগিতা চলিছে । ইন্ধনৰ মূল্যবৃদ্ধিয়ে এই সকলোবোৰতে প্ৰভাৱ বিস্তাৰ কৰিছে । তাৰ লগতে যোগ হৈছে বৃহৎ ব্যৱসায়ীৰ পাৰ্যমানে লাভ আদায়ৰ প্ৰতিযোগিতা ।

খোৱা তেল আৰু ৰিফাইনৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সমান্তৰালকৈ দাম বৃদ্ধি হৈছে আটাইতকৈ নিত্য প্ৰয়োজনীয় সামগ্ৰী চাউলৰ । নিশাটোৰ ভিতৰতে একেকোবে প্ৰতি কুইণ্টল চাউলৰ মূল্য পাঁচশ টকা পৰ্যন্ত বৃদ্ধি হৈছে । যি সময়ত চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত কেৱল বিনামূলীয়া চাউল যোগানৰ সকাহ দিব বিচাৰিছে সেই সময়তে চাউলৰ জুই ছাই দামত ধোঁৱা-কোঁৱা দেখিছে চৰকাৰী আঁচনিৰ আওতাৰ বাহিৰত ৰৈ যোৱা সাধাৰণ আয়ৰ পৰিয়ালবোৰে । গুৱাহাটীৰ ফাঁচী বজাৰ আৰু পশ্চিম অসমৰ বৰপেটা ৰোডত পাইকাৰী চাউল ব্যৱসায়ীয়ে এই বাৰ্তাও সাধাৰণ ব্যৱসায়ীক দিছে যে চাউলৰ মূল্য আগন্তুক দিনত আৰু বৃদ্ধি হ’ব । আহিবলগীয়া নতুন ‘প্ৰিণ্ট’ত বৰ্দ্ধিত মূল্য সংযোজিত হ’ব বুলিও অৱগত কৰা হৈছে । মাত্ৰ কেইবিধমান চাউলৰ উদাহৰণতে মূল্যবৃদ্ধিৰ ভয়াৱহতা স্পষ্ট হয় ।

মাত্ৰ এসপ্তাহ আগতে প্ৰতি কুইণ্টল কে আৰ টি ব্ৰেণ্ডৰ চাউলৰ মূল্য আছিল ৩৪শ টকা । কালি সেই মূল্য ৩৮শ টকা হয় । বজাৰত বহুলভাৱে প্ৰচলিত সোণাশক্তি ব্ৰেণ্ডৰ প্ৰতি কুইণ্টল চাউলৰ মূল্য আজি পাঁচ হেজাৰ টকালৈ বৃদ্ধি হয় । সাত দিন পূৰ্বে অহা প্ৰিণ্টত সেই মূল্য আছিল ৪৬শ টকা । বজাৰৰ আন এটা জনপ্ৰিয় ব্ৰেণ্ড মুনমুনৰ প্ৰতি কুইণ্টলৰ মূল্য এসপ্তাহৰ আগৰ প্ৰিণ্টত আছিল ৪৮শ টকা । কালি সেই মূল্য ৫৩শ টকা হয় । অসমৰ বজাৰত বিশেষ পৰিচয় থকা বৰপেটীয়া আইজং চাউলৰ মূল্য‌ও প্ৰতি কুইণ্টলত ৩৩শ টকাৰ পৰা ৩৫শলৈ বৃদ্ধি হৈছে । মহানগৰীৰ বেহাৰবাৰীত ব্যৱসায়িক প্ৰতিষ্ঠান থকা সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰাক্তন সম্পাদক সঞ্জীৱ ডেকাই কয় যে আগন্তুক দিনত মূল্যবৃদ্ধিৰ এই ধাৰা অব্যাহত থকাৰ ইংগিতো ফাঁচী বজাৰৰ বৃহৎ ব্যৱসায়ীয়ে দিছে ।

একেদৰে বৰপেটা চহৰৰ বৰপেটা বজাৰৰ পাইকাৰীৰ লগতে খুচুৰা ব্যৱসায়ী গণপতি দাসেও জনায় যে আগন্তুক দিনটো ৰাইজৰ আটাইতকৈ প্ৰয়োজনীয় চাউল-দাইলৰ মূল্য বৃদ্ধি হৈ থাকিব বুলি বৃহৎ ব্যৱসায়ীয়ে তেওঁলোকক অৱগত কৰিছে । প্ৰসংগক্ৰমে দাসে কয় যে মাত্ৰ এসপ্তাহৰ ভিতৰতে মুগ দাইলৰ মূল্য প্ৰতি কুইণ্টলত ৯৩শৰ পৰা ৯৮শ টকালৈ বৃদ্ধি হৈছে । মচুৰ দাইলৰ মূল্য‌ও প্ৰতি কুইণ্টলত ৮২শৰ পৰা ৮৭শ টকালৈ বৃদ্ধি হৈছে । দাসে লগতে কয় যে প্ৰয়োজন অনুপাতে দাইলৰ যোগান কম হ’ব বুলিও বৃহৎ ব্যৱসায়ীয়ে তেওঁলোকক জনাইছে । গতিকে দাম বৃদ্ধি হোৱাটো অৱধাৰিত ।

একাংশ ব্যৱসায়ীয়ে কয় যে বজাৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে বৃহৎ ব্যৱসায়িক হস্তান্তৰ কৰাৰ পৰিণতিত সেইসকলৰ ইচ্ছা অনুসৰি বজাৰ নিয়ন্ত্ৰিত হয় । আনহাতে, চৰকাৰে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱ ভাৰতৰ বজাৰত পৰিছে জাতীয় প্ৰচাৰ চলোৱা বুলিও কয় । শেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰকাশ কৰিছে যে এছিয়াৰ ভিতৰত অন্যতম বৃহৎ চাউল ৰপ্তানি কৰা দেশ ভিয়েটনামে জনাইছে । সেই ব্যয় বৃদ্ধিৰ প্ৰভাৱ ভাৰতৰ বজাৰত পৰিছে ।

ইপিনে, একে সময়তে নাম প্ৰকাশিত অনিচ্ছুক ফাঁচী বজাৰৰ চাউলৰ পাইকাৰী ব্যৱসায়ী একাংশই মন্তব্য কৰে যে চৰকাৰে বিনামূলীয়া চাউল বিতৰণত অধিক গুৰুত্ব দিয়াত মুকলি বজাৰৰ মূল্যৰ ওপৰত হেঁচা পৰিছে । তাৰ ফলতো মূল্যবৃদ্ধি হৈছে । এই প্ৰসংগতে ব্যৱসায়ী গণপতি দাসে কয় যে চাউলৰ পাইকাৰী মূল্য প্ৰকৃততে কিমান সেয়া বহু সময়ত বৃহৎ ব্যৱসায়ীয়ে প্ৰকাশ নকৰে । একাংশ ব্যৱসায়ীয়ে মিলি দাম নিৰ্ধাৰণ কৰে আৰু তেওঁলোকৰ পৰা সেই মূল্যত তলৰ পৰ্যায়ৰ ব্যৱসায়ীয়ে চাউল ক্ৰয় কৰিব লাগে । বজাৰ নিয়ন্ত্ৰণ কৰা ব্যৱসায়ীসকল এই কাৰ্যত জড়িত বাবে তেওঁলোকক প্ৰশ্ন কৰিও কোনেও সদুত্তৰ নাপায় । বজাৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে বৃহৎ ব্যৱসায়ীক এৰি দিয়াৰ ফলতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি এনে ব্যৱসায়ীয়ে কয় । ফলত ইয়াৰ পৰিণাম ভুগিছে সাধাৰণ জনতাই ।

চাউল, দাইলৰ সমান্তৰালকৈ শাক-পাচলিৰো মূল্যবৃদ্ধি হৈছে । কেৱল আলু আৰু পিঁয়াজৰ বাদে কোনো এবিধ পাচলিয়ে প্ৰতি কিলোত এশ টকাৰ তলত নাই ।

Exit mobile version