দিনটোৰ ৰাশিফল

16487121247936

মেষঃ আৰ্থিক ক্ষেত্ৰত উন্নত পৰিৱেশ । আপুনি দিনৰ ১২ বজাৰ পাছতহে যাত্ৰা কৰিব । যাত্ৰাৰ সময়ত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব । দাম্পত্যত শুভ । শুভ সংখ্যা ৫ ।

বৃষঃ কৰ্মক্ষেত্ৰত জটিলতা আছে । সন্ধিয়া তুলসীৰ তলত চাকি জ্বলালে শুভ হ’ব । নীলা ৰং আপোনাৰ বাবে শুভ । প্ৰেমত শুভ । যাত্ৰা নকৰাই উচিত । শুভ সংখ্যা ৫ ।

মিথুনঃ আগদিনাৰ তুলনাত আজিৰ দিনটো শুভ । আজি আপুনি যাত্ৰা কৰিলে বগা ৰং ব্যৱহাৰ কৰিব । শুভ কাম কৰিব । শুভ সংখ্যা ৬ ।

কৰ্কটঃ ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব । পুৱা যাত্ৰা কৰিব পাৰে । আপোনাৰ শুভ ৰং সেউজীয়া ।‌ সহযোগী বন্ধুৰ পৰা আনন্দ পাব । শুভ সংখ্যা ৬ ।

সিংহঃ কৰ্মক্ষেত্ৰত সফলতাৰ বাবে যথেষ্ট চেষ্টা কৰিব লাগিব । পুৱাৰ ভাগত ৰঙা বস্ত্ৰ পৰিধান কৰি মন্দিৰত যাব । যাত্ৰা সন্ধিয়া পাঁচ বজাৰ পাছত নকৰিব । শুভ সংখ্যা ৭ ।

কন্যাঃ পাৰিবাৰিক জীৱনত স্বামী-স্ত্ৰীৰ মাজত মতানৈক্য হ’ব পাৰে । পৰাপক্ষত আজি আপুনি যাত্ৰা নকৰাই ভাল । কৰিলেও মন্দিৰত পূজা-পাতল কৰি ল’ব । শুভ ৰং ৰঙা । শুভ সংখ্যা ৪ ।

তুলাঃ কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আছে । কোনো সমস্যা হ’ব । আজি সন্ধিয়া আপুনি শিৱ মন্দিৰত চাকি জলাব । শুভ ৰং ৰঙা । যাত্ৰা কৰিব পাৰে । শুভ সংখ্যা ২ ।

বৃশ্চিকঃ ব্যৱসায়ত কঠিন পৰিশ্ৰমৰ অন্তত দিনটোত সফলতা । বিদ্যাৰ্থীসকলৰ শুভ । আবেলি তিনি বজাৰ পাছত যাত্ৰা নকৰাই ভাল । বিশেষ প্ৰয়োজন থাকিলে নীলা শুভ ৰঙৰ পৰিধান কৰি ল’ব । শুভ সংখ্যা ৩ ।

ধনুঃ কৰ্মস্থানত নিজৰ অস্তিত্ব বজাই থাকিব । পুৰণি ৰোগৰ উপশম ঘটিব । কমলা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰক । পুৱা ভাগত যাত্ৰা কৰিব । শুভ সংখ্যা ২ ।

মকৰঃ আৰ্থিকত শুভ । শৰীৰ মধ্যম । উত্তৰ দিশত যাত্ৰা নকৰিব । মেৰুণ ৰং ব্যৱহাৰ কৰক । বিদ্যাৰ্থীসকলৰ শুভ । শুভ সংখ্যা ৯ ।

কুম্ভঃ ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব । ঘৰুৱাত শুভ । যাত্ৰা নকৰাই ভাল । সন্ধিয়া মন্দিৰত যাব । ক’লা ৰঙৰ কাপোৰ শুভ । শুভ সংখ্যা ৮ ।

মীনঃ কথা-বতৰাত সতৰ্কতাৰ প্ৰয়োজন । আজিৰ দিনটো যাত্ৰাৰ বাবে শুভ । বেঙুনীয়া ৰং ব্যৱহাৰ কৰিব । প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত সুখী হ’ব নোৱাৰিব । শুভ সংখ্যা ৭ ।

Exit mobile version