Hindu : কোনসকল হিন্দু ? নতুন তথ্য দিলে কেন্দ্রীয় মন্ত্রীয়ে

1600 x 1600 48

কোনসকল হিন্দু ? এই সন্দৰ্ভত নানা মতামত শুনা গৈছে বিভিন্ন সময়ত । এইবাৰ ক্রেতা সুৰক্ষা, খাদ্য দপ্তৰৰ কেন্দ্রীয় প্রতিমন্ত্রী অশ্বিনী কুমাৰ চৌবেই এক বিশেষ দাবী কৰিলে । তেওঁৰ মতে, হিন্দু হ’ল এটা ভৌগলিক পৰিচিতি । তেওঁ ব্যাখ্যা কৰি কয়, ‘হিমালয় আৰু ভাৰত মহাসাগৰৰ মধ্যৱর্তী ভূমিত যিসকলে বসবাস কৰে তেওঁলোকেই হিন্দু ।’ হায়দৰাবাদত ভাৰত নীতি অর্গানাইজেছন আয়োজিত ডিজিটেল হিন্দু কনক্লেভত অংশ লৈ তেওঁ এই কথা জনায় ।

কেন্দ্রীয় মন্ত্রীয়ে জনাইছে, ‘বহু বিদেশী স্কলাৰ এটা বিষয়ত একমত যে ভাৰত জ্ঞানৰ ভাণ্ডাৰ । আৰু আমি ইয়াক লে গর্বিত হোৱা প্ৰয়োজন । ম‌ই ক‌ওঁ হিন্দুত্ব এটা জীৱনচর্চাৰ নাম । ইয়াক কোনো সীমান্তৰে বান্ধি ৰখা উচিত নহয় । হিন্দু এটা ভৌগলিক পৰিচিতি । হিমালয় আৰু ভাৰত মহাসাগৰৰ মধ্যৱর্তী অঞ্চলত যিসকলে বাস কৰে সকলোৱে হিন্দু ।’

আয়োজকৰ পক্ষৰ পৰা কেন্দ্রীয় মন্ত্রীৰ বক্তব্য সম্বলিত এটা বিবৃতি জাৰি কৰা হৈছে । তাত উল্লেখ কৰা হৈছে, ভাৰতত এটা প্রাণোচ্ছল গণতন্ত্র আছে । ইয়াক সমগ্ৰ বিশ্ব‌ই মান্যতা দিছে । আমি দেশক মা বুলি ভাবো । সেয়ে আমি দেশক ভাৰত মাতা বুলি ক‌ওঁ । আমাৰ এই ভাবনাই আনতকৈ পৃথক ।

নদী সংৰক্ষণত কেন্দ্রীয় চৰকাৰৰ উদ্যোগ প্রসংগত তেওঁ কয়, গংগাৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱনৰ বাবে নমামি গংগে প্রজেক্ট অনা হৈছে । এই অনুষ্ঠানত বিজেপি নেতা মুৰলীধৰ ৰাও, বিজেপি এমপি মনোজ তিৱাৰী প্রমুখ উপস্থিত আছিল ।

Exit mobile version