PTV : লেপটপ বিভ্রাট, সম্প্রচাৰ নহ’ল পাক প্রধানমন্ত্রীৰ ভ্ৰমণ ! বৰ্খাস্ত পিটিভিৰ ১৭ কৰ্মচাৰী

1651403020 channel

প্রধানমন্ত্রীৰ লাহৌৰ ভ্ৰমণৰ সম্প্রচাৰ সময় মতে সম্প্ৰচাৰ কৰিবলৈ ব্যর্থ হোৱাত চৰকাৰী টিভি চেনেল পিটিভি-ৰ ১৭জন কর্মচাৰীক বৰ্খাস্ত কৰিলে পাকিস্তানে । অত্যাধুনিক প্রযুক্তিসম্পন্ন লেপটপৰ অভাৱত এনে কাণ্ড ঘটাত কর্মচাৰীসকলৰ বিৰুদ্ধে এই পদক্ষেপ লোৱা হৈছে বুলি এক সূত্রৰ দাবী ।

সাধাৰণতে নিয়ম অনুযায়ী প্রধানমন্ত্রীৰ ভ্ৰমণৰ সম্প্রচাৰৰ দায়িত্ব থাকে সাংবাদিকসকলৰ এটা বিশেষ দল আৰু এজন সংবাদ প্রযোজকৰ ওপৰত । সেই দলৰ হাতত অত্যাধুনিক গেজেট থাকে, যাতে সময় মতে প্ৰত্যক্ষ সম্প্রচাৰ কৰিব পৰা যায় ।

দ্য ডন-ৰ প্রতিবেদন অনুসৰি, সাংবাদিকৰ এই দলটোক ইছলামাবাদত প্রস্তুত ৰখা হয় সর্বদা । যাতে প্রধানমন্ত্রীৰ স’তে ভ্ৰমণত যাব পাৰে । প্রধানমন্ত্রী শ্বাহবাজ শ্বৰিফৰ লাহৌৰ ভ্ৰমণৰ আগতে পিটিভি-ৰ লাহৌৰ কেন্দ্রক খবৰ দিয়া হয় । সেই সময়ত তেওঁলোকে টিভি চেনেলৰ সদৰ দপ্তৰত খবৰ পঠায় ভ্ৰমণ সম্প্রচাৰৰ বাবে অত্যাধুনিক লেপটপৰ প্রয়োজন । এই বিষয়ত সদৰ দপ্তৰত এখন পত্ৰ‌ও লিখে পিটিভি-ৰ লাহৌৰ কেন্দ্র‌ই ।

১৮ এপ্রিলত সেই পত্ৰত লিখা হৈছিল, ‘যিহেতু আমাৰ তাত লেপটপত সম্পাদনাৰ কোনো প্রযুক্তি নাই, সেয়ে সেই সম্পাদনাৰ কামৰ বাবে এটা লেপটপ ভাৰা কৰা হৈছে । আমাৰ এই কেন্দ্রৰ বাবে স্থায়ীভাৱে এটা লেপটেপৰ ব্যৱস্থা কৰা জৰুৰী ।’

পিটিভি-ৰ লাহৌৰ কেন্দ্রৰ অভিযোগ, পত্ৰ লিখি সকলো জনোৱাৰ পাছতো সদৰ দপ্তৰৰ পৰা কোনো স্থায়ী লেপটপৰ ব্যৱস্থা কৰা নহয় । কেৱল সেয়াই নহয়, লাহৌৰ কেন্দ্রক লেপটপ ভাৰা কৰি কাম চলোৱাৰ পৰামর্শও দিয়া হয় বুলি অভিযোগ ।

সেই পৰামর্শমৰ্মে এজন কর্মচাৰীৰ ব্যক্তিগত লেপটপৰ আয়োজন কৰিছিল পিটিভি-ৰ লাহৌৰ কেন্দ্র‌ই । প্রধানমন্ত্রীৰ ভ্ৰমঙ সম্প্রচাৰ কৰিবলৈ গৈয়েই বিপত্তি হয় । লেপটপৰ বেটাৰী বহি যায় । ফলত সম্প্রচাৰ বন্ধ হৈ যায় । তাৰ কিছু ঘণ্টা পাছতেই এই ভ্ৰমণ সম্প্রচাৰৰ দায়িত্বত থকা ডেপুটি কন্ট্র’লাৰ ইমৰান বশ্বিৰ খানসহ ১৭ কর্মচাৰীক বৰ্খাস্ত কৰে পিটিভি-য়ে ।

Exit mobile version