চৰকাৰে আপোনাৰ বেংক একাউন্টত ২.৬৭ লাখ টকা জমা দিয়াৰ বাৰ্তা ম’বাইলত লাভ কৰিছে নেকি ?

0e394720 52d9 11ec 8b6e 03038227db61 1640681712936 1640681726096

কেন্দ্ৰীয় চৰকাৰে দেশৰ জনসাধাৰণৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰি আহিছে। আজিকালি একাংশ ৰাজ্য চৰকাৰেও হিতাধিকাৰী সৃষ্টি কৰি বেংক একাউণ্টত প্রতিমাহে বিভিন্ন ভাট্টা আদায় দিয়াৰ ব্যৱস্থা কৰিছে।

এনে আঁচনিৰ অধীনত হিতাধিকাৰীৰ একাউণ্টত নির্দিষ্ট ধন জমা দিয়া হয়। শেহতীয়াভাৱে সামাজিক মাধ্যমত ম’বাইল ফোনলৈ অহা এনে এক বাৰ্তা ভাইৰেল হৈছে।

এনে বাৰ্তাত উল্লেখ কৰা মতে, উক্ত ব্যক্তিৰ বেংক একাউণ্টত চৰকাৰে ২.৬৭ লাখ টকা আদায় দিব আৰু ইয়াৰ বাবে তলৰ লিংকত ক্লিক কৰিব লাগিব।

আপোনাৰ ম’বাইল ফোনতো যদি এইধৰণৰ বাৰ্তা লাভ কৰিছে তেন্তে সাৱধান হওক। প্ৰেছ ইনফৰমেচন ব্যুৰ’ (পি আই বি) এ এই সন্দৰ্ভত সতর্ক বার্তা প্ৰেৰণ কৰি কয় যে ম’বাইল ফোনলৈ এনে ধৰণৰ বাৰ্তা আহিলে সাৱধান হওক আৰু কেতিয়াও এনে বাৰ্তাৰ স’তে থকা লিংকত ক্লিক কৰিব নালাগে।

অন্যথা আপোনাৰ বেংকৰ একাউণ্টত থকা ধন লুটি নিব পাৰে চাইবাৰ অপৰাধীয়ে। কেন্দ্ৰীয় চৰকাৰে এনেধৰণৰ কোনো ধন প্ৰদানৰ আঁচনি গ্ৰহণ কৰা নাই। দৰাচলতে চাইবাৰ অপৰাধ চক্ৰই এইদৰে জনসাধাৰণক প্রলোভিত কৰি বেংকত থকা ধন লুটি নিয়াৰ অপচেষ্টা চলাইছে।

Exit mobile version