দীপৰ বিল এৰি গ’ল ১৫৩ বিধ পক্ষীয়ে

জৰীপত উন্মোচিত হৈছে উদ্বেগজনক তথ্য

Deepar Beel birds

এখন দেশ বা ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন তথা ৰাজভঁৰাল টনকিয়াল কৰাৰ ক্ষেত্ৰত পৰ্যটন উদ্যোগৰ গুৰুত্ব তথা অৰিহণা কিমান, সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । দেশৰ কে’বাখনো ৰাজ্যৰ সমান্তৰালকৈ মনোমোহা প্ৰাকৃতিক পৰিৱেশ, বনাঞ্চল, বন্যপ্ৰাণী তথা ঐতিহাসিক সমলেৰে পৰিপুষ্ট অসম তথা উত্তৰ-পূৰ্বাঞ্চলো পৰ্যটনৰ দিশত বহু আগবঢ়া ।

অসমৰ পৰ্যটন উদ্যোগটোৰ পৰা চৰকাৰে বছৰি বুজন পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰি আহিছে যদিও ৰাজ্যৰ বহু স্থান আজিৰ দিনত চৰকাৰৰ দৃষ্টিত অৱহেলা তথা গুৰুত্বহীন হৈ পৰাৰ ফলতে ধ্বংসৰ দিশে গতি কৰাৰ বহু উদাহৰণ আৰু অভিযোগ আছে । তাৰ মাজতে ক’ভিডসৃষ্ট বিগত দুটা বছৰত প্ৰায় স্তব্ধ হৈ পৰা ৰাজ্যৰ পৰ্যটন উদ্যোগটো পুনৰুজ্জীৱিত তথা পুনৰুদ্ধাৰৰ ক্ষেত্ৰত চৰকাৰ তথা সংশ্লিষ্ট পক্ষ‌ই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়ত শেহতীয়া এক জৰীপে উদ্যোগটোলৈ কঢ়িয়াই দুঃসংবাদ ।

ৰাজধানী মহানগৰীৰ গাতে লাগি থকা তথা অস্তিত্বৰ স’তে যুঁজি থকা ৰাজ্যৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতিপ্ৰাপ্ত দীপৰ বিললৈ আহিছে এক মহাসংকট । পক্ষী সংৰক্ষিত অঞ্চলৰূপে খ্যাতি লাভ কৰা বিলখনত উপলব্ধ হোৱা ২১৯টা প্ৰজাতিৰ ‌দেশী বিদেশীৰ পক্ষীৰ ভিতৰত সম্প্ৰতি মাত্ৰ ৬৬টা প্ৰজাতিৰ পক্ষীৰ উপস্থিতিহে বন বিভাগৰ জৰীপত পোহৰলৈ আহিছে । যি তথ্য‌ই সম্প্ৰতি ৰাজ্যৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখন সময়ৰ গতিত বিলীন হৈ যাব নেকি বুলিও সংশ্লিষ্ট বিভাগৰ লগতে প্ৰকৃতিপ্ৰেমীকো চিন্তিত কৰি তুলিছে ।

দেশী-বিদেশী পক্ষীৰ বিচৰণভূমি তথা প্ৰাকৃতিক শোভেৰে পৰিবেষ্টিত গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা দীপৰ বিলে প্ৰয়োজনীয় নটা বৈশিষ্ট্যৰ ভিতৰত পাঁচটাত উত্তীৰ্ণ হৈ ২০০২ত ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিছিল । উল্লেখ্য যে বিশ্বৰ আৰ্দ্ৰভূমি অৰ্থাৎ জলাশয়, হ্ৰদ আদি সংৰক্ষণৰ সজাগতা সন্দৰ্ভত ১৯৭১ত ইৰানৰ ৰামছাৰ চহৰত বিভিন্ন দেশৰ প্ৰতিনিধি তথা প্ৰকৃতিবিদৰ উপস্থিতিত অনুষ্ঠিত হৈছিল এখন সন্মিলন । ৰামছাৰ সন্মিলনৰূপে খ্যাত এই সন্মিলনতে বিশ্বজুৰি আৰ্দ্ৰভূমিসমূহ সংৰক্ষণৰ আইন প্ৰণয়ন কৰি স্থানসমূহ পৰ্যায়ক্ৰমে ৰামছাৰ ক্ষেত্ৰৰূপে চিহ্নিত কৰিছিল ।

উল্লেখিত বৰ্ষৰ দুই ফেব্ৰুৱাৰীত অনুষ্ঠিত এই ৰামছাৰ সন্মিলনৰ দিনটোতে প্ৰতিবছৰে বিশ্ব আৰ্দ্ৰভূমি দিৱস পালনৰ প্ৰস্তাৱ গ্ৰহণ কৰি এখন চুক্তি স্বাক্ষৰ কৰিছিল ১৬০ খন দেশে । উল্লেখ্য যে ২০২১ৰ জুলাইলৈকে বিশ্বৰ ২,৪২৪টা জলাশয়ক ৰামছাৰ ক্ষেত্ৰৰূপে চিহ্নিত কৰা হৈছে । ১৯৭৪ত অষ্ট্ৰেলিয়াৰ ‘ক’বুৰ্গ পেনিনছুলা’ক প্ৰথমখন ৰামছাৰ ক্ষেত্ৰৰূপে চিহ্নিত কৰা হয় । সম্প্ৰতি ভাৰততো ৪৭খন ৰামছাৰ ক্ষেত্ৰ আছে আৰু ইয়াৰ ভিতৰত দীপৰ বিলে অসমৰ প্ৰথম আৰু একমাত্ৰ ৰামছাৰ ক্ষেত্ৰৰূপে ২০০২ত স্বীকৃতি লাভ কৰে ।

নটা বৈশিষ্ট্যৰ পাঁচটাত উত্তীৰ্ণ হৈ দীপৰ বিলে লাভ কৰিছিল ৰামছাৰ ক্ষেত্ৰৰ স্বীকৃতি

২০০২ৰ ১৯ আগষ্টত ‘ৰামছাৰ সন্মিলন’ৰ ৪.৭ৰ অনুমোদনৰ অনুসৰি চাৰি হেজাৰ হেক্টৰ জলাশয় ভূমিক সামৰি দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি প্ৰদান কৰে । উল্লেখ্য যে ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিবলৈ এটা জলাশয় বা হ্ৰদে নটাকৈ বৈশিষ্ট্য সম্পূৰ্ণ কৰিব লাগে । ইয়াৰ প্ৰথম বৈশিষ্ট্য সাপেক্ষে দীপৰ বিল প্ৰাকৃতিকভাৱে চহকী । দ্বিতীয় বৈশিষ্ট্য হৈছে দীপৰ বিলত বিশ্বৰ বিলুপ্তপ্ৰায় প্ৰজাতিৰ চৰাই পোৱা যায় । এই বিলুপ্তপ্ৰায় চৰাইৰ ভিতৰত আছিল পেলিকান প্ৰজাতিৰ ঢেঁৰা, বৰটোকোলা, কুৰুৱা (ডাঙৰ শেন), হাড়গিলা আদি দীপৰ বিলত পোৱা গৈছিল ।

চতুৰ্থ বৈশিষ্ট্য অনুসৰি, দীপৰ বিলত এদিনতে ১৯ হেজাৰ চৰাই গণনা হৈছিল । সাত আৰু আঠ নম্বৰ বৈশিষ্ট্যৰূপে দীপৰ বিলত ১৯ প্ৰজাতিৰ ৫০ বিধ মাছ পোৱা গৈছিল; যিবিলাকৰ গৰিষ্ঠসংখ্যকে দীপৰ বিলত প্ৰাকৃতিকভাৱে প্ৰজনন হৈ লালিত-পালিত হৈছিল । এনে বৈশিষ্ট্যসমূহত উত্তীৰ্ণ হৈয়ে দীপৰ বিলে ৰামছাৰ ক্ষেত্ৰৰূপে ২০০২ত স্বীকৃতি লাভ কৰিছিল যদিও আজিও ৰামছাৰ ক্ষেত্ৰৰ সীমা নিৰ্ধাৰণ নহ’ল । উল্লেখ্য যে এদিনতে ১৯ হেজাৰ চৰাই গণনা হোৱা দীপৰ বিলত সম্প্ৰতি সৰ্বমুঠ ১০,২৮৯টা পক্ষীৰ উপস্থিতিহে পোৱা গৈছে বুলি বন বিভাগৰ শেহতীয়া জৰীপত পোহৰলৈ আহিছে ।

২০০২ত ২৯১টা প্ৰজাতিৰ পক্ষীৰ বিচৰণস্থলীত সম্প্ৰতি আছে মাথোঁ ৬৬ বিধ পক্ষী

ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰাৰ সময়ত অৰ্থাৎ ২০০২ত সংশ্লিষ্ট বিভাগে কৰা জৰীপত দীপৰ বিলত ২১৯টা প্ৰজাতিৰ দেশী-বিদেশী পক্ষীৰ উপস্থিতি পোহৰলৈ আহিছিল । সমান্তৰালকৈ সেই সময়ত বিলখনত ৫০টা প্ৰজাতিৰ মাছ, ৩৮টা প্ৰজাতিৰ সৰীসৃপ আৰু উভচৰ প্ৰাণী, ৪৪৮টা প্ৰজাতিৰ উদ্ভিদৰ উপস্থিতি জৰীপত প্ৰকাশ পাইছিল । অৱশ্যে ইয়াৰ অধিকাংশৰে নতুনকৈ জৰীপ হোৱা নাই যদিও গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ উদ্যোগত অসম ৰাজ্যিক জৈৱ-বৈচিত্ৰ্য পৰিষদৰ আৰু কেইটামান স্বেচ্ছাসেৱী সংগঠনে চলিত বৰ্ষত চলোৱা চৰাইৰ জৰীপত দীপৰ বিলৰ পৰা দেশী-বিদেশী পৰিভ্ৰমী চৰাই অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ তথ্য পোহৰলৈ আহে ।

উল্লেখ্য যে ‘বাৰ্ড লাইফ ইণ্টাৰনেছনেল’-এ অতি গুৰুত্বপূৰ্ণ পক্ষী সংৰক্ষিত অঞ্চলৰূপে চিহ্নিত কৰা দীপৰ বিলত সংশ্লিষ্ট বিভাগসমূহে চলিত বৰ্ষত চলোৱা চৰাইৰ জৰীপত দীপৰ বিলত মাথোঁ ৬৬টা প্ৰজাতিৰ চৰাইৰ উপস্থিতিহে ধৰা পেলাবলৈ সক্ষম হয় । চলিত বৰ্ষৰ ১২ ফেব্ৰুৱাৰীত দাখিল কৰা চৰাইৰ জৰীপৰ প্ৰতিবেদন অনুসৰি, ৰামছাৰ ক্ষেত্ৰ অধ্যয়নৰ সময়ত পোৱা বিলুপ্তপ্ৰায় ১,০১৮টা বিয়েৰ্ছ পোৰ্চাড, পাঁচটা স্পট বিল্ড পেলিকানৰ ভিতৰত এইবাৰৰ জৰীপত এটাও নাপালে । অৰ্থাৎ ২০০২ৰ অধ্যয়নৰ সময়ত পোৱা ২১৯টা প্ৰজাতিৰ চৰাইৰ ভিতৰত ১৫৩টা প্ৰজাতিৰ চৰাইৰ উপস্থিতি জৰীপত পোহৰলৈ নাহিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে ।

সমান্তৰালকৈ ২০০২ত ২৪টা বৰটোকোলা আৰু ৫৬টা হাড়গিলা পোৱা বিলখনত ২০২২ৰ গণনাত মাথোঁ তিনিটাকৈহে পোৱা গ’ল । ফলত পক্ষীৰ প্ৰজাতি অস্বাভাৱিকভাৱে বিলখনত হ্ৰাস পোৱাত ৰামছাৰ ক্ষেত্ৰ স্বীকৃতিৰ মৰ্যাদা হেৰুৱাই পেলাব নেকি বুলিও এতিয়া প্ৰকৃতিপ্ৰেমীৰ মাজত প্ৰশ্নৰ উদয় হৈছে ।

উল্লেখ্য যে চলিত বৰ্ষৰ চৰাইৰ জৰীপত দীপৰ বিলত সৰ্বাধিক ৪,৭২১টা তেলটুপি, ১,৩৪৩টা সৰু শৰালি হাঁহ আৰু ১,১৫৯টা দীঘলনেজী হাঁহৰ উপস্থিতি ধৰা পৰিছে । সমান্তৰালকৈ ৫৪টা পানীডুবি, ৭৭টা দেও ৰাজহাঁহ, ১৫টা ধৃতিৰাজ, ১১৩টা কিকি হাঁহ, ২৫টা পাতি ভুতিহাঁহ, ৪৬৪টা ইটাগুৰিয়া হাঁহ, ২৫টা চাকৈ চকোৱা, নটা বৰ শৰালি হাঁহ, চাৰিটা ঘিলা হাঁহ, ৩৪টা দৈকলা, ১১৯টা পানী কাউৰী, ১৩০টা শামুক ভঙা, ২৫৩টা কণামুছৰি, ২০৪টা কামচৰাই, ৫৫টা চিলনী, এটা শেনকে ধৰি এই জৰীপত ৬০টা প্ৰজাতিৰ ১০,২৮৯টা পক্ষীৰ উপস্থিতিৰ কথা প্ৰতিবেদনত প্ৰকাশ পাইছে ।

প্ৰদূষিত পানী-ডাম্পিং গ্ৰাউণ্ড-ৰেল চলাচল-অবৈধ বেদখলেই প্ৰধান কাৰক

বিভিন্ন কাৰণত অস্তিত্বৰ সংকটত ভোগা দীপৰ বিলৰ পৰা পৰিভ্ৰমী পক্ষীৰ সংখ্যা অস্বাভাৱিকভাৱে হ্ৰাস পোৱা বিষয়টো সহজভাৱে ল’ব পৰা নাই প্ৰকৃতিপ্ৰেমীসকলে । কে’বাখনো নদীৰ প্ৰদূষিত পানী বিলখনলৈ বৈ অহাৰ লগতে গাতে লাগি থকা ডাম্পিং গ্ৰাউণ্ডে পক্ষীকুলৰ বাবে প্ৰয়োজনীয় বাতাৱৰণ প্ৰদূষিত কৰাৰ কাৰণেই ক্ৰমান্বয়ে দীপৰ বিললৈ দেশী-বিদেশী চৰাই অহাটো হ্ৰাস পাইছে বুলি মন্তব্য কৰিছে দীপৰ বিল সংৰক্ষণৰ স’তে জড়িত স্থানীয় যুৱক প্ৰমোদ কলিতাই । সমান্তৰালকৈ বিলখনৰ মাজেৰে ৰেল চলাচল কৰাৰ ফলত সৃষ্টি হোৱা শব্দ প্ৰদূষণে পক্ষীকুলক নিতৌ সমস্যাত পেলাই অহাৰ ফলত দীপৰ বিলত পক্ষীৰ সংখ্যা হ্ৰাস পাইছে বুলি তেওঁ মন্তব্য কৰে ।

Exit mobile version