Butterfly : সন্ধান পোৱা পোৱা গ’ল বিৰল প্রজাতিৰ ‘কিং ক্র’-ৰ

f6e0051s king crow

নামো ৰজা, দেখিবলৈও ৰজা । তাৰ দুপাখিত বিচিত্র কাৰুকাৰ্য, যেন বগা ৰঙেৰে কোনোৱে ছবি আঁকিছে । পখিলাৰ এক অতি স্বল্প পৰিচিত সদস্য ‘কিং ক্র’ বাটাৰফ্লাই’-ৰ সন্ধান পোৱা গৈছে উত্তৰাখণ্ডৰ নাইনিতালৰ এটা উদ্যানত ।

ইয়াকে লৈ উচ্ছ্বাসিত বনবিভাগ । তেওঁলোকৰ বক্তব্য, ‘কিং ক্র’-ৰ উপস্থিতিয়ে অৰণ্য আৰু স্থানীয় পৰিস্থিতিতন্ত্ৰৰ সুস্বাস্থ্যৰ বার্তা দিছে ।

প্ৰায় ৪৫০টা প্রজাতিৰ পখিলাৰ বাস উত্তৰাখণ্ডত । তাৰ ভিতৰত যোগ হ’ল নতুন সদস্যটোৰ নাম । ৰাজ্যৰ বনবিভাগৰ মুখ্য সংৰক্ষক সঞ্জীৱ চতুর্বেদীয়ে জনায়, নাইনিতালৰ ভুজিয়া ঘাট অঞ্চলত কিং ক্র’ দেখা পায় দপ্তৰথ গৱেষকসকলে । বিৰল প্রজাতিৰ পখিলাবোৰৰ তালিকাত একেবাৰে শীৰ্ষত ইয়াৰ নাম ।

সম্প্রতি উত্তৰ প্রদেশৰ কাটৰানিয়া ঘাট বন্যপ্রাণ সংৰক্ষণ কেন্দ্রত কিং ক্র’ দেখিবলৈ পোৱা যায় । বহু আগতে ইয়াক উত্তৰ-পূৱ ভাৰতত পোৱা গৈছিল । সমুদ্রপৃষ্ঠৰ পৰা ৬৫০ মিটাৰ উচ্চতাত ভুজিয়া ঘাট উপক্রান্তীয় অৰণ্য । চতুর্বেদীয়ে কয়, ইয়াত ইয়াক দেখা পোৱাৰ অর্থ, পৰিস্থিতিতন্ত্ৰ সুস্থ হৈ আছে ।

Exit mobile version