COVID-19 : ক’ভিড আপডেট

delhi covid 19 testing 4ac6b9bc ed03 11ea 92df 080f51a06faf

পাঁচ দিন ধৰি দৈনিক সংক্রমণ তিনি হেজাৰৰ ওপৰতেই আছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমিতৰ সংখ্যা ৩,১৫৭ ।

দেওবাৰে দৈনিক কৰ’না আক্রান্তৰ সংখ্যা আছিল ৩,৩২৪ । দৈনিক সংক্রমণৰ হাৰ দেওবাৰৰ তুলনাত বহু বাঢ়িছে । যোৱা ২৪ ঘণ্টাত এই হাৰ হৈছে ১.০৭ শতাংশ ।

সম্প্ৰতি দেশত মুঠ সক্রিয় ৰোগীৰ সংখ্যা ১৯,৫০০ । বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ২৬ জনৰ । ইয়াৰ ভিতৰত কেৱল কেৰালাতেই ২১ জনৰ মৃত্যু হৈছে । ইয়াৰ উপৰি উৰিষ্যাত দুজন, কর্নাটক, উত্তৰ প্রদেশ আৰু পশ্চিমবংগত এজনৰ কৰ’নাত মৃত্যু হৈছে ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ২,৭২৩ জন । দেশজুৰি সংক্রমণৰ শীর্ষে আছে দিল্লী (১,৪৮৫) । তাৰ পাছত আছে হৰিয়ানা (৪৭৯), কেৰালা (৩১৪) আৰু উত্তৰ প্রদেশ (২৬৮) । সম্প্ৰতি ভাৰতত ১৮৯ কোটি ২৩ লাখ ৯৮ হেজাৰ ৩৪৭ টিকাকৰণ হৈছে ।

Exit mobile version