COVID-19 : প্ৰতিষেধক ল’বলৈ কাকো বাধ্য কৰিব নোৱাৰিব !

ক'ভিডৰ চতুর্থ ঢৌৰ শংকাৰ মাজতে উচ্চতম ন্যায়ালয়ৰ নির্দেশ

vaccination tennagers 1200 express photo by arul horizon

ভেকচিন ল’বলৈ কাকো জোৰ কৰিব নোৱাৰিব । উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা এই নির্দেশ দিয়া হৈছে ।

কৰ’না পৰিস্থিতি এতিয়ালৈকে আছে আৰু পুনৰ বাঢ়িছে এই সংক্রমণ । যদিও বিগত দুদিনৰ তুলনাত সোমবাৰে কিছু সংক্রমণৰ হাৰ কমিছে । কিন্তু এই পৰ্যন্ত সংক্রমণৰ সংখ্যা তিনি হেজাৰৰ ওপৰতেই আছে । সেই সময়তে উচ্চতম ন্যায়ালয়ৰ এই নির্দেশ ।

ইয়াৰ আগতেও আদালতত অব্জাৰভেছন আছিল ভেকচিন ল’বলৈ কাকো জোৰ কৰিব নোৱাৰিব । কিন্তু এই ক্ষেত্রত সমস্যাৰ আছিল যে একাধিক সংস্থা আৰু ইনষ্টিটিউটে শ্বপিং মল আৰু কর্মক্ষেত্র প্রৱেশৰ বাবে ভেকচিন আৱশ্যক কৰিছিল । তাৰ পৰিপ্ৰেক্ষিততে বহু লোকে এইসমূহ স্থানলৈ যাব পৰা নাছিল । ইয়াৰ উপৰি বিভিন্ন সমস্যাৰ কাৰণেও অনেকেই ভেকচিন ল’ব পৰা নাই । ফলত ভেকচিন মেণ্ডেটৰী কৰাৰ বিৰোধিতা কৰে একাংশ‌ই ।

সোমবাৰে শীৰ্ষ ন্যায়ালয়ত অত্যন্ত গুৰুত্বপূর্ণ সিদ্ধান্তত জনোৱা হয় যে কেন্দ্রীয় চৰকাৰে প্রয়োজনত এই বিষয়ত পলিচি তৈয়াৰ কৰিব পাৰে । কিন্তু ভেকচিনেছনৰ বিষয়টো কম্পালছৰী কৰিব নোৱাৰে । ভেকচিন লোৱাৰ ক্ষেত্রত কাকো জোৰ কৰিব নোৱাৰিব আৰু কোনোৱে ভেকচিন নোলোৱাকৈ থাকিলে তেওঁক ক’তো প্রৱেশাধিকাৰ দিয়া নহ’ব সেইটোও আইনসংগত হ’ব নোৱাৰে বুলি জনাইছে শীৰ্ষ ন্যায়ালয়ে ।

দেশৰ বিভিন্ন অংশত ইয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা হৈছে । ইয়াৰ উপৰি ডিজাষ্টাৰ মেনেজমেন্ট আইন যাৰ বলত দেশজুৰি ক’ভিড বিধি পালন কৰা হৈছিল এই আইন ইতিমধ্যে প্রত্যাহাৰ কৰিছে চৰকাৰে । ফলত ক’ভিড প্রট’কল সন্দৰ্ভত দেশত সম্প্ৰতি কোনো ৰেষ্ট্ৰিকচন নাই ভাৰতত ।

Exit mobile version