PM Modi : দুবছৰ পাছত তিনি দিনৰ বিদেশ ভ্ৰমণত প্রধানমন্ত্রী নৰেন্দ্র মোদী, যোগ দিব ২৫টা কাৰ্যসূচীত

PTI05 02 2022 000037B 0 1651469471677 1651469488477

দুবছৰ পাছত তিনি দিনৰ বিদেশ ভ্ৰমণত গ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদী । এই ভ্ৰমণত ইউৰোপৰ তিনিখন দেশত যাব তেওঁ । ভ্ৰমণ আৰম্ভ হ’ল জার্মানীৰ পৰা । সোমবাৰে তেওঁ সেই দেশৰ ৰাজধানী বার্লিনত উপস্থিত হৈছে ।

সোমবাৰে জার্মানিত তেওঁ চেন্সেলাৰ ওলাফ স্কোলজৰ স’তে এটা দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব । ইয়াৰ উপৰি দুই দেশৰ বাণিজ্যিক বিষয়াসকলৰ এটা গোলটেবিল বৈঠকত তেওঁ অংশ ল’ব ।

বার্লিনত উপস্থিত হৈ প্রধানমন্ত্রীয়ে এটা টুইট কৰে । সেই টুইটত তেওঁ লিখিছে, ‘বার্লিনত উপস্থিত হ’লো । সোমবাৰে চেন্সেলাৰ ওলাফ স্কোলজৰ স’তে এটা বৈঠক আছে । ইয়াৰ উপৰি বাণিজ্যিক সংস্থাৰ প্রতিনিধিসকলৰ স’তে এটা বৈঠকত ম‌ই বক্তব্য ৰাখিম । ম‌ই নিশ্চিত যে এই ভ্ৰমণ ভাৰত আৰু জার্মানীৰ মাজত বন্ধুত্ব বৃদ্ধি কৰিব ।’

জার্মানীৰ পৰা প্রধানমন্ত্রীয়ে তিনি মে’ত ডেনমার্কলৈ যাব । ৰাজধানী কোপেনহাগেনত তেওঁ এটা দ্বিপাক্ষিক বৈঠকত যোগ দিব । যি বৈঠকত ডেনমার্কৰ প্রতিনিধিৰ উপৰো উপস্থিত থাকিব ফিনলেণ্ড, ছুইডেন, নৰৱে আৰু আইলেণ্ডৰ প্রতিনিধিসকল ।

তাৰ পাছৰ দিনাখন, অর্থাৎ চাৰি মে’ত প্রধানমন্ত্রী যাব ফ্রান্সলৈ । তাত পুনর্নিবাচিত ৰাষ্ট্ৰপতি এমানুৱেল মাকৰেৰ স’তে এটা বৈঠকত মিলিত হ’ব । এই তিনি দিনৰ ভ্ৰমণত প্রধানমন্ত্রীয়ে মুঠ ২৫টা কাৰ্যসূচীত যোগ দিব ।

Exit mobile version