Self quarantine : কৰ’না হৈছে ! ভয়ত ঘৰ এৰি গাড়ীতেই নিভৃতবাসত গ’ল এজন লোক

1651485823 car

কৰ’নাত আক্রান্ত হৈছে বুলি ভাবি নিজকে গাড়ীৰ ভিতৰত বন্দী কৰিলে এজন ব্যক্তিয়ে । আনকি তেওঁৰ পৰা যাতে কোনো কাৰণতেই সংক্রমণ নিবিয়পে, সেই ভয়ত গাড়ীৰ খিৰিকীও ননমালে ১০ ঘণ্টাজুৰি । ঘটনাটো চীন চৰকাৰে নাগৰিক সচেতনতা বুলি প্রচাৰ কৰিলেও সমালোচকসকলৰ দাবী, এইটো প্ৰকৃততে কৰ’নাক লৈ চীনৰ কঠোৰ নীতিৰ নেতিবাচক প্রভাৱ । মানুহৰ মাজত অতিৰিক্ত ভয় সোমাই দিছে চীন চৰকাৰে ।

কৰ’না সংক্রমণ ৰোধ কৰিবলৈ কঠোৰ নিয়ম জাৰি কৰিছে চীনে । ঘৰৰ বাহিৰত ওলাই পোহৰ-বতাহ গাত লগোৱাৰো অধিকাৰ নাই বাসিন্দাসকলৰ । বিষয়টো অনেকেই অত্যুক্তি বুলি সমালোচনা কৰিলেও চীন চৰকাৰে আওকাণ কৰিছে । অৱশ্যে এই ‘অতি নিয়ন্ত্রণ’এ চীনৰ সাধাৰণ মানুহক কিমান ভয় খোৱাইছে, সেয়া এই ঘটনাত বোজা গৈছে বুলি দাবী চীনৰ জনসাধাৰণৰ হৈ মাত মতা এটা সংগঠনে ।

তেওঁলোকে জনাইছে, লোকজনে সংক্রমণ বিয়পোৱাৰ ভয়ত অস্বাস্থ্যকৰ পৰিৱেশত বন্দী আছিল, আনকি সতর্কতা জাৰি কৰিবলৈ গাড়ীৰ বাহিৰত কৰ’নাৰ ষ্টিকাৰ লগাই দিছিল ! য’ত স্পষ্টভাৱে কোৱা হৈছে যে, কোনো যেন তেওঁৰ গাড়ীৰ কাষত নাহে ।

খবৰটো সোমবাৰে প্রকাশ্যত আনিছে চীনৰ চৰকাৰী সংবাদসংস্থাই । তেওঁলোকে বিষয়টো বেচ ফলপ্ৰসূ কৰি জনাইছে । কৰ’নাক লৈ চীনৰ মানুহ কিমান সচেতন সেয়াই বোজাব বিচাৰিছে সংস্থাটোৱে । অৱশ্যে সমালোচকসকলৰ মতে, চীন চৰকাৰৰ কঠোৰ নীতিৰ ফলত কিমান মানসিক নির্যাতনৰ বলি হৈছে মানুহ এয়া তাৰেই প্রমাণ ।

Exit mobile version