প্ৰতিষেধক ল’বলৈ চৰকাৰে বাধ্য কৰিব নোৱাৰিব নাগৰিকক,ন্যায়ালয়ৰ ৰায়

images

উচ্চতম ন্যায়ালয়ে কালি কয় যে প্রতিষেধক গ্ৰহণৰ বাবে চৰকাৰে কোনাে নাগৰিকক বাধ্য কৰিব নােৱাৰিব। ন্যায়াধীশ নাগেশ্বৰ ৰাও আৰু বি আৰ গভইৰ বিচাৰপীঠে এই বিষয়ত উত্থাপিত এক আবেদনৰ শুনানি গ্রহণ কৰি কয় যে সংবিধানৰ ২১ অনুচ্ছেদ অনুসৰি কোনো ব্যক্তিক চৰকাৰে প্রতিষেধক গ্ৰহণৰ বাবে বাধ্য কৰিব নােৱাৰে।

উচ্চতম ন্যায়ালয়ে লগতে কয় যে একাংশ ৰাজ্য চৰকাৰে প্রতিষেধক গ্ৰহণ নকৰা লােকৰ ৰাজহুৱা স্থানত প্ৰৱেশ নিষিদ্ধ ঘােষণা কৰিছে যদিও এনে নিষেধাজ্ঞা আইন সন্মত নহয়।

সর্বোচ্চ ন্যায়ালয়ে লগতে ক’ভিড-১৯ৰ টিকাকৰণ প্রতিকূল প্ৰভাৱৰ সকলাে তথ্যপাতি ৰাজহুৱা কৰিবলৈকো কেন্দ্ৰৰ চৰকাৰক আজি নির্দেশ দিলে। উচ্চতম ন্যায়ালয়ে কয় যে চৰকাৰে কেৱল নীতি নির্ধাৰণ কৰিব পাৰে আৰু জনসাধাৰণৰ কল্যাণৰ বাবে কিছুমান চর্ত আৰােপ কৰিব পাৰে।

Exit mobile version