মুছলিমসকলে আমাৰ চৰকাৰক শক্তিশালী কৰিছে, ঈদত সম্প্রীতিৰ বার্তা বাইডেনৰ

1365684649

ৱাশ্বিংটনৰ হোৱাইট হাউছত আয়োজিত ঈদ উল ফিতাৰৰ পার্টিত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ঐক্য আৰু সম্প্রীতিৰ বার্তা দিলে । তেওঁ কয়, মুছলিমসকলে তেওঁৰ চৰকাৰক শক্তিশালী বনাইছে, তেওঁ নিজে তেওঁৰ শাসনকালত প্রথম বিদেশ বিষয়ক ৰাষ্ট্রদূত হিচাপে এজন মুছলিমক বাচি লৈছে । কাৰণ তেওঁ আন্তর্জাতিক ধর্মীয় স্বাধীনতাত বিশ্বাস কৰে ।

বাইডেন অৱশ্যে ইয়াতেই স্তব্ধ নহয় । এই পার্টিতেই সহস্ৰাধিক কৰতালিৰ মাজত তেওঁ কয়, মুছলিমসকলে এতিয়াও তেওঁলোকৰ ধর্মৰ বাবে সমগ্ৰ বিশ্বত বিভিন্ন ধৰণৰ প্রতিকূল পৰিস্থিতিৰ বলি হয় । অৱশ্যে এই কথা স্বীকাৰ কৰিবলৈ তেওঁৰ কোনো দ্বিধা নাই যে, এই সংখ্যালঘুসকল তেওঁৰ চৰকাৰৰ শক্তি । সেয়ে তেওঁ ভাবে যে, ধর্ম কেতিয়াই কোনো ভেদাভেদৰ কাৰণ ‘হব নোৱাৰে । তেওঁৰ দেশত এই মনোভাব এতিয়াও আৰু কিছু দূৰ হোৱা প্রয়োজন বুলি তেওঁ ভাবে । অৱশ্যে বিশ্বত আৰু অধিক কাম বাকী ।

Exit mobile version