Sand Crisis : শীঘ্রে বালিৰ সংকটে দেখা দিব বিশ্বত ! সতর্কবার্তা দিলে ৰাষ্ট্ৰসংঘ‌ই

UN calls for action to stop sand ‘crisis

নতুন সংকটৰ সন্মুখীন হ’ব পাৰে বিশ্ব । সেয়া হ’ল বালিৰ সংকট । সেই দিন বেছি দূৰত নাই বুলিও সতর্কবার্তা দিছে ৰাষ্ট্ৰসংঘ‌ই ।

আমাৰ দৈনন্দিন জীৱনত বালিৰ বিশাল চাহিদা । বালি অবিহনে কোনো নির্মাণকাৰ্যৰ কথা ভাবিব‌ই নোৱাৰি । কিন্তু সেই বালিকেই পৃথিৱীৰ বুকুৰ পৰা অবৈধভাৱে খালি কৰি দিয়াত সংকটত পৰিব পাৰে বিশ্ব ।

ৰাষ্ট্ৰসংঘ‌ই জনাইছে, সমুদ্রগর্ভ হ‌ওক বা নদীগর্ভ, অবাধে, অবৈধ আৰু অবৈজ্ঞানিকভাৱে বালি তোলা হৈছে । যি গতিত বালি তোলা হৈছে, সেই গতিত বালি সৃষ্টি হ’ব পৰা নাই ।

উল্লেখ্য, যে প্রলম্বিত প্রক্রিয়াৰ মাজেৰে প্রাকৃতিক উপায়ে বালি সৃষ্টি হয়, সেই সময় দিয়া হোৱা নাই । ফলত বালি সৃষ্টিৰ আগতেই খালি হৈ গৈছে । ইউনাইটেড নেছনছ এনভায়ৰনমেন্ট প্র’গ্রেম (ইউএনইপি)-ৰ বিষয়া শীল অগ্রৱাল খানে কয়, “যদি আমি এতিয়াই এই বিষয়ত সতর্ক নহ‌ওঁ তেনেহ’লে বালিৰ সংকট ৰোধ কৰা সম্ভৱ নহ’ব ।”

সমীক্ষা অনুসৰি, বিগত দুই দশকৰ ভিতৰত কাচ, কংক্রিট আৰু নির্মাণ সামগ্রীৰ ব্যৱহাৰ সমগ্ৰ বিশ্বত তিনি গুণ বাঢ়িছে । যি এক বছৰৰ ভিতৰত বাঢ়ি হৈছে পাঁচ হেজাৰ কোটি টন । ইয়াৰ ব্যৱহাৰ বৃদ্ধিৰ ফলতে ক্ষতিগ্রস্ত হৈছে নদী, উপকূলৰেখা । আনকি সৰু সৰু দ্বীপবোৰো সম্পূৰ্ণ নিশ্চিহ্ন হৈ যাব পাৰে বুলি শংকা প্রকাশ কৰিছে ৰাষ্ট্ৰসংঘ‌ই ।

পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত বালিৰ বিশাল ভূমিকা আছে । বিশেষকৈ খহনীয়া ৰোধ কৰা, নদী আৰু সমুদ্রৰ ক্ষয় ৰোধ কৰা আৰু বহু প্রাণীৰ আশ্রয়স্থল হিচাপেও কাম কৰে । অবৈধ আৰু অবৈজ্ঞানিকভাৱে ক্রমাগত বালি তোলাৰ ফলত পৰিৱেশৰ ওপৰত বিৰূপ প্রভাৱ পৰিব লৈছে ।

ৰাষ্ট্ৰসংঘ‌ৰ প্রতিবেদন অনুসৰি, দক্ষিণ-পূৱ এছিয়াৰ সবাতোকৈ দীঘল নদী মেকং আৰু ক্রমাগত বালি তোলাৰ ফলত বহু দ্বীপ নিশ্চিহ্ন হৈ পৰিছে । উর্বৰ ভূমিত লৱণৰ মাত্রা বৃদ্ধি পাইছে । ইপিনে, শ্রীলংকাত নদীৰ পৰা বালি তোলাৰ ফলত পানীৰ প্রবাহ বিপৰীতমুখী হৈছে ।

Exit mobile version