গৰ্ভপাতৰ অধিকাৰ নাথাকিব আমেৰিকাত ,বিৰোধিতাৰে আন্দোলন অব্যাহত

190415 anti abortion march cs 1220p

আমেৰিকাত ৫০ বছৰ পুৰণি গর্ভপাতৰ অধিকাৰ সমাপ্ত কৰাৰ যাে-জা চলিছে। সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ কৰা অনুসৰি আমেৰিকাত মহিলাসকলে গর্ভপাতৰ অধিকাৰ হেৰুৱাব।

ADVERTISEMENT

ইতিমধ্যে গর্ভপাতৰ অধিকাৰ বাহাল ৰখাৰ দাবীৰে সহস্রাধিক মার্কিন নাগৰিকে প্রতিবাদী আন্দোলন আৰম্ভ কৰিছে। ১৯৭৩ৰ এক ঐতিহাসিক সিদ্ধান্ত উল্লেখ কৰা হৈছিল যে গর্ভপাতৰ অধিকাৰ মহিলাৰ এক সাংবিধানিক অধিকাৰ।

কিন্তু শেহতীয়াভাৱে আমেৰিকাৰ সর্বোচ্চ ন্যায়ালয়ে ৫০ বছৰ পুৰণি এই অধিকাৰৰ পৰা মার্কিন মহিলাক বঞ্চিত কৰাৰ উদ্দেশ্যৰে এক নতুন সিদ্ধান্ত গ্রহণ কৰিছে।

আমেৰিকাত গর্ভপাতৰ অধিকাৰ নাথাকিব বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পােৱাৰ পাছত দেশখনৰ বহু মহিলাই ইয়াৰ তীব্র বিৰােধিতা কৰিছে। গর্ভপাতৰ অধিকাৰ বৰ্তমানৰ দৰে বাহাল ৰাখি ছয়সপ্তাহৰ অধিক সময়ৰ গৰ্ভধাৰণৰ ক্ষেত্ৰত গর্ভপাতৰ অনুমতি নিদিবলৈ একাংশ লােকে দাবী জনাইছে।

Exit mobile version