এজাক বৰষুণতে জুৰুলি-জুপুৰি হয় চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ স্বৰ্গদেউৰ ৰাজসভা

Screenshot 350

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত যােৰহাটৰ উপকণ্ঠ মহবন্ধাত স্থাপন কৰা স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্র ২০১৫তে মুকলি কৰা হয় যদিও আজিও পূর্ণাংগ ৰূপ নাপালে সমন্বয় ক্ষেত্ৰখনে।

বৰঞ্চ সুদীর্ঘ দিন ধৰি যােৰহাটৰ গৌৰৱ বহু কোটিটকীয়া প্ৰকল্পটোৰ কাম আধৰুৱা হৈয়ে ৰ’ল। শেহতীয়াকৈ কিছু কাম কৰা হৈছে যদিও নিৰ্মাণৰ দায়িত্বত থকা গড়কাপ্টানী (গৃহ) বিভাগৰ হেমাহিৰ ফলত চ্যুকাফা সমন্বয় ক্ষেত্র মূল অংগৰূপে বিবেচিত সংগ্রহালয় আৰু নৱনির্মিত প্রেক্ষাগৃহত ভয়াৱহ ত্রুটি ৰৈ গৈছে যাৰ বাবে সামান্য এজাক ছয় বৰষুণতে পানী সােমাই অৱস্থা শােচনীয় কৰিছে।

ইয়াৰে সংগ্ৰহালয়ৰ এই অৱস্থা কে’বাবছৰ ধৰি চলি আছে । সংগ্রহালয়টোৰ মূধচৰ টিন আৰু চূড়াত লগােৱা গ্লাছৰ মাজেদি পানী সােমাই সংগ্ৰহালয়ৰ মূল্যৱান সামগ্রী নষ্ট কৰি পেলাইছে। অতি লজ্জাজনক কথাটো হ’ল অসমৰ শৌয্য-বীৰ্যৰ প্ৰতীক ছশ বছৰীয়া আহােম ৰাজতন্ত্ৰৰ আৰ্হিত স্থাপন কৰা স্বৰ্গদেউৰ ৰাজসভা এজাক বৰষুণতে বুৰ যায়।

এই বিষয়ে যােৱা বছৰৰ ২৬ জুনত ৰাজ্যৰ পর্যটন আৰু সাংস্কৃতিক দপ্তৰৰ মন্ত্রী বিমল বড়াক সমন্বয় ক্ষেত্ৰ পৰিদৰ্শন কালত অৱগত কৰাত মন্ত্রী বৰাই উপস্থিত গড়কাপ্টানী বিভাগৰ বিষয়া-অভিযন্তাবর্গক শীঘ্ৰে ব্যৱস্থা ল’বলৈ নির্দেশ দিছিল যদিও যােৱা প্রায় এটা বছৰে এই ক্ষেত্ৰত কোনাে ব্যৱস্থা গ্ৰহণ কৰা নাই।

এনে দুৰৱস্থাই ছশ বছৰীয়া আহােম ৰাজত্বৰ ঐতিহ্যকে হেয় প্রতিপন্ন কৰা বুলি দর্শনার্থীৰ মাজত চর্চা হৈছে ৷ অৱশ্যে মন্ত্রী পৰিদৰ্শনৰ পাছত সংগ্ৰহালয়ৰ কিছু কাম কৰা হ’ল যদিও উৰুখা মূধচ আজিকোপতি মেৰামতি কৰা নহ’ল। ইপিনে, বহু দিন ধৰি অর্ধনির্মিত অৱস্থাত পৰি থকা প্রেক্ষাগৃহ নির্মাণ সম্পূর্ণ কৰিবলৈ সাংস্কৃতিক মন্ত্রীজনে দিছিল কড়া নির্দেশ।

মন্ত্রী নির্দেৰ্শৰ পাছত গড়কাপ্টানী বিভাগে প্রেক্ষাগৃহৰ কাম প্রায় সম্পূর্ণ কৰি তুলিলে যদিও নির্মাণত ভয়ংকৰ ত্রুটি ৰৈ গ’ল। শুনি আপােনাৰ চকু কপালত উঠিব বৰষুণ দিলেই নৱনির্মিত প্রেক্ষাগৃহটোৰ ছালেৰে জৰ জৰকৈ পানী পৰে। এনে দৰে পানী পৰাৰ ফলত প্রেক্ষাগৃহৰ কেবা ঠাইতাে চিলিং নষ্ট হৈছে আৰুনষ্ট হােৱা চিলিংবােৰ তললৈ সৰি পৰাৰ উপক্ৰম হৈছে।

নতুনকৈ নিৰ্মাণ কৰা এটা ঘৰৰ ছালেৰে পানী কেনেকৈ পৰিব পাৰে বুলি প্রশ্ন উত্থাপিত হৈছে। এই ক্ষেত্ৰত দায়িত্বত থকা অভিযন্তাক সমন্বয় ক্ষেত্র সমিতিয়ে বাৰম্বাৰ আপত্তি দর্শাইছে যদিও যােৰহাটতে দীর্ঘদিন খুঁটি পুতি বহি থকা বৰুৱা উপাধিধাৰী অভিযন্তাজনে বিভিন্ন দায়সৰা মন্তব্য কৰা বুলিহে অভিযােগ উঠিছে।

প্রেক্ষাগৃহটো উদ্বোধন কৰাৰ পূর্বেই উৰুখিবলৈ ধৰাত ৰাইজে আশ্চর্য প্ৰকাশ কৰিছে আৰু অত্যাধুনিক প্রেক্ষাগৃহটো নিৰ্মাণত ভয়ংকৰ অনিয়ম সংঘটিত হােৱা বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত অৱশ্যে স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্র সমিতিয়ে গড়কাপ্টানী বিভাগৰ মুখ্য অভিযন্তাক পত্রযােগে এই কথা অৱগত কৰি তাৎক্ষণিক পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

জহি-খহি গৈছে সীমাৰ দেৱাল: প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথমটো কার্যকালতে নির্মাণ আৰম্ভ হােৱা স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ চাৰি সীমাৰ দেৱালসমূহ এতিয়া জহি-খহি গৈছে। এশ বিঘা মাটি কালিৰ এই বৃহৎ চৌহদটোৰ কে’বা ঠাইতাে এতিয়া সীমাৰ দেৱাল নাই। অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা দেৱালসমূহৰ প্রায় ২০০-৩০০ মিটাৰ অংশ নিজে নিজে জহি-খহি গৈছে।

ভাগি পৰা অংশৰ দেৱালৰ পােষ্টত নাই এডালাে ৰড। লক্ষ্যণীয় যে ৫০০ মিটাৰৰাে অধিক দেৱাল বেঁকা হৈ আছে। কোন সময়ত ভাগি পৰে কোনাে নিশ্চয়তা নাই। এনে অৱস্থা হৈছে। অতি কম দিনৰ ভিতৰতে বাকী দেৱালসমূহাে খহি পৰাৰ আশংকা কৰা হৈছে।

মূল তােৰণতাে খহিছে পকা : স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ মূল আকর্ষণ সুদৃশ্য বিশালকায় মূল তােৰণখনৰ পৰাও কেইদিনমান পূর্বে পকা খহি পৰে। এই কথাই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে।

এই কথাই সমন্বয় ক্ষেত্ৰৰ তােৰণখনৰ স্থায়িত্ব প্রতিয়ে ভাবুকি কঢ়িয়াই আনিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰে যথােচিত মনােযােগ নিদিয়াৰ বাবেই এতিয়া পর্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বহুল সম্ভাৱনা বহন কৰা চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ এই অৱস্থা হৈছে বুলি ক’লেও বঢ়াই কোৱা নহয়।

Exit mobile version