দিনটোৰ ৰাশিফল

efc207338609992b93ca0d0fb55d2993 original

মেষঃ অনুকূল পৰিৱেশ । বিদ্যা-বুদ্ধিৰ চৰ্চা কৰোতাসকল উপকৃত হ’ব । বন্ধু-বান্ধৱৰ পৰা নিৰাশ নহ’ব । কৰ্মস্থানত বাধা দেখা নাযায় । প্ৰেমত মধ্যম । আজি যাত্ৰা নকৰিব, শুভ সংখ্যা ৮, শুভ ৰং ৰঙা ।

বৃষঃ কৰ্মস্থানত ব্যস্ত থাকিব । যদিও মনটো গধুৰ থাকিব । সন্তান সম্পৰ্কীয় কথাত মন হঠাৎ বেয়াও হ’ব পাৰে । প্ৰেমত অস্থিৰতা । পঢ়াত শুভ ।

মিথুনঃ প্ৰিয় বন্ধু-বান্ধৱৰ লগত সাক্ষাৎ লাভ । কৰ্মাদিত বেয়া দেখা নাযায় । শিল্প-সাহিত্যৰ বিকাশ । ভ্ৰমণত কষ্ট । ঘৰুৱা অশান্তিৰ মাজত নিজক ঠিক ৰখাৰ যত্ন কৰক । শুভ সংখ্যা ৫ । শুভ ৰং সেউজীয়া ।

কৰ্কটঃ উন্নত পৰিৱেশ । ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে । কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ স’তে মতান্তৰৰ সম্ভাৱনা । আজি ভাতৰ লগত কেঁচা নিমখ নাখাব । শুভ সংখ্যা ২ । শুভ ৰং গোলপীয়া ।

সিংহঃ আৰ্থিক চিন্তা থাকিব । প্ৰাপ্য ধন পোৱাৰ চেষ্টাত ব্যৰ্থ হ’ব পাৰে । ধৰ্মীয়ানুস্থানত যোগদানৰ সম্ভাৱনা আছে । কৰ্মত অৱশ্যে খ্যাতি থাকিব । নমঃ শ্ৰী ব্ৰহ্মায়ন নমঃ ১০ বাৰ জাপ কৰিব । শুভ সংখ্যা ৩ । শুভ ৰং বগা ।

কন্যাঃ সুসংবাদ লাভৰ যুগ । আৰ্থিকত মজলীয়া ফল পাব । দায়িত্বপূৰ্ণ কৰ্মৰ ক্ষেত্ৰত সচেতন হ‌ওক । পাৰিবাৰিক গোলযোগৰ সম্ভাৱনা । আজি বেলগছৰ তলত পানী ঢালিব । শুভ সংখ্যা ৫ । শুভ ৰং নীলা ।

তুলাঃ কৰ্মাদিত হঠাৎ ব্যস্ততা বাঢ়িব । শাৰীৰিক দিশত ভালেই যাব । কিবা ঘৰুৱা কথাতহে মনত দুখ । শাৰীৰিক আৰু দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ এডাল ৰঙা সুতা হাতত বান্ধি ৰাখক । শুভ সংখ্যা ৭ । শুভ ৰং হালধীয়া ।

বৃশ্চিকঃ দূৰ যাত্ৰাদিত বাধা । পৰা পক্ষত অতিশয় পৰিশ্ৰম বৰ্জন কৰক । বিদ্যা, কৰ্মস্থান, দাম্পত্যত পূৰ্বানুৰূপ । শৰীৰৰ আমনিও কম পাব । কৰ্তব্যত অলপ আনন্দ । আজি দূৰ যাত্ৰাৰ ক্ষেত্ৰত বাধা । শুভ সংখ্যা ৬ । শুভ ৰং ক’লা ।

ধনুঃ ক্ৰমে দিনটো কিছু বাধাৰ মাজেদি পাৰ হ’ব লাগিব । খৰচ বৃদ্ধি পাব । কিছুমান দুৰ্ভাৱনাই লগ ধৰিব পাৰে । কৰ্মস্থান বেয়া নহ’ব । বন্ধু মিলন হ’ব । আজি মাছ নাখাব । শুভ সংখ্যা ৩ । শুভ ৰং মেৰুন ।

মকৰঃ বিদ্যাৰ্থীৰ বাবে ভালেই দেখা যায় । কৰ্তব্যত আগ্ৰহ বাঢ়িব । ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল । সন্মান প্ৰাপ্তিৰ, শনি মন্দিৰত অকমান নীলা ৰঙৰ কাপোৰ দান দিয়ক । শুভ সংখ্যা ৮ ।

কুম্ভঃ কোনো কৰ্মত আনন্দ পাব । হঠাৎ অৰ্থলাভৰ আশা কৰিব পাৰে । মাতৃৰ শৰীৰ বেয়া নহ’ব । লেন-দেনত পৰাপক্ষত ঠিক থাকক । কোনো ধৰণৰ শুভ কৰ্ম আৰম্ভ নকৰিব । শুভ সংখ্যা ৫ । শুভ ৰং পাতল নীলা ।

মীনঃ পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে । আৰ্থিকত মজলীয়া ফল পাব । বিদ্যাত মধ্যম । ব্যৱসায়ত মধ্যম । উন্নতিৰ যোগ । কৰ্মক্ষেত্ৰত বাধাৰ কাৰকতা । শুভ সংখ্যা ৩ । শুভ ৰং বগা ।

Exit mobile version