Khalistani Terrorists : বিপুল বিস্ফোৰকসহ হাৰিয়ানাৰ পৰা চাৰি সন্দেহজনক খালিস্তানি সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

kll4q6ao khalistan

বিপুল অস্ত্র আৰু বিস্ফোৰকসহ হাৰিয়ানাৰ কালনেলৰ এটা টোলপ্লাজাৰ পৰা গ্রেপ্তাৰ হ’ল চাৰি সন্দেহজনক খালিস্তানি সন্ত্ৰাসবাদী । ধৃতসকল হ’ল গুৰপ্রীত, আমনদীপ, পাৰমিন্দৰ আৰু ভূপিন্দৰ ।

আৰক্ষীয়ে জনাইছে, বৃহস্পতিবাৰে পুৱা চাৰি বজাত কাৰনেলৰ বাসতাৰা টোলপ্লাজাৰ পৰা গ্রেপ্তাৰ কৰা হৈছে চাৰি সন্ত্ৰাসবাদীক । তেওঁলোকে মহাৰাষ্ট্রৰ নান্দেৰ আৰু তেলেংগানাৰ আদিলাবাদত বিস্ফোৰক সৰবৰাহ কৰিবলৈ গৈছিল ।

ধৃতসকলৰ ভিতৰত গুৰপ্রীতে ইয়াৰ আগতেও কে’বাবাৰো জেল খাটিছে । জেলত থকাকালীন তেওঁ ৰাজবীৰ নামে এজন অভিযুক্তক লগ পায় । আৰক্ষীয়ে জনাইছে, ৰাজবীৰ পাকিস্তানৰ স’তে জড়িত । গুৰপ্রীত আৰু তেওঁৰ সহযোগীসকলে হৰবিন্দৰ সিং নামে এজন সন্ত্ৰাসবাদীৰ পৰা অস্ত্র আৰু বিস্ফোৰক লৈছিল । তাৰ পাছত সেইসমূহ দেশৰ বিভিন্ন প্রান্তত সৰবৰাহ কৰিছিল ।

হৰবিন্দৰে পাকিস্তানৰ পৰাই এইসমূহ পৰিচালনা কৰে বুলি জানাইছে আৰক্ষীয়ে । ধৃত চাৰি সন্ত্ৰাসবাদীক আইইডি সৰবৰাহ কৰিব দিছিল হৰবিন্দৰে । দুটা স্থানত সেই বিস্ফোৰক সৰবৰাহ কৰিছে বুলি সূত্র মাৰফৎ খবৰ লাভ কৰিছে আৰক্ষীয়ে । ধৃত সন্ত্ৰাসবাদীসকলৰ পৰা এটা দেশীয় বন্দুক, ৩১টা তাজা কার্তুজ, আইইডি ভর্তি তিনিটা লোহাৰ বাকচ আৰু নগদ এক লাখ ৩০ হেজাৰ টকা উদ্ধাৰ হৈছে ।

কাৰনেল ৰেঞ্জৰ আৰক্ষীৰ আইজি সত্যেন্দ্রকুমাৰ গুপ্ত‌ই জনায়, প্রাথমিকভাৱে সন্দেহ কৰা হৈছে, এই সন্ত্ৰাসবাদীসকল অস্ত্র আৰু বিস্ফোৰক সৰবৰাহৰ কাম কৰিছিল । তেওঁলোক তেলেংগানাৰ আদিলাবাদত গৈছিল ।

Exit mobile version