মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফৰ চেক ল’বলৈ আহি বিমুখ ৰাইজ

আজি দিছপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মহিলাসকলে মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফৰ চেক ল’বলৈ আহে । কিন্তু চেক লাভ নকৰাৰ ফলত ক্ষুব্ধ হৈ মহিলাসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে ‘ইনকলাব জিন্দাবাদ’ শ্ল’গান দিয়ে ।

ঘটনাচক্ৰে, ৩০ এপ্ৰিলত অসম মাইক্ৰ’ফাইনেন্স ইনচেনটিভ আৰু ৰিলিফ স্কিমৰ অধীনত খানাপাৰাৰ খেলপথাৰত মহিলাসকলক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰা হয় । মহিলাসকলৰ অভিযোগ অনুসৰি, প্ৰথমে চেক ল’বলৈ গুৱাহাটীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মতা হয় । পাছত তাৰ পৰা তেওঁলোকক পুনৰ আজি দিছপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয় । কিন্তু আজিও চেক লাভ নকৰাত তেওঁলোক ক্ষুব্ধ হৈ পৰে ।

উক্ত বিষয় সন্দৰ্ভত জিলা চক্ৰ বিষয়াই জনায় যে, ১১ মে’ৰ পৰা মহিলাসকলক চেক বিতৰণ কৰা হ’ব ।

Exit mobile version