COVID Impact : অতিমাৰীয়ে বহু চৰকাৰৰ ওপৰত যুৱ সমাজৰ বিশ্বাস হ্ৰাস কৰিছে, সমীক্ষা বিত্তভাণ্ডাৰৰ

1651834031 young protest

বিশ্বজুৰি অতিমাৰীৰ অভিজ্ঞতাই যুৱ সমাজৰ মাজত চৰকাৰৰ ওপৰত বিশ্বাস কমাই দিছে । আন্তর্জাতিক বিত্তভাণ্ডাৰৰ সমীক্ষা অনুসৰি, মহামাৰীৰ ঐতিহাসিক অভিজ্ঞতাৰ সমীক্ষাৰ পৰা গৱেষকসকলে ইমান দিনে যি কৈ আহিছে ক’ভিড অতিমাৰীৰ অভিজ্ঞতা সেই সকলোবোৰ সমীক্ষাৰ ফলকেই সত্য প্রমাণিত কৰিছে । এই সমীক্ষাত অৱশ্যে কোনো কোনো দেশৰ যুৱ সম্প্রদায়ৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পৰিছে বুলি কোৱা নাই ।

ক’ভিডৰ আগতেই ২০১৮ পর্যন্ত ১৪০খন দেশজুৰি সংশ্লিষ্ট বিষয়ত সমীক্ষাৰ প্রক্ষেপৰ স’তে অতিমাৰীৰ অভিজ্ঞতা মিলায়েই এই সিদ্ধান্তত আহিছে বিত্তভাণ্ডাৰৰ এই সমীক্ষক দলটো ।

সমীক্ষা অনুসৰি, ১৮ৰ পৰা ২৫ বছৰ বয়সৰ ভিতৰৰ সকল আৰু ক’ভিডৰ প্রকোপ প্রত্যক্ষ কৰা সকলৰ মাজতেই চৰকাৰৰ ওপৰত বিশ্বাস কমি গৈছে ।

এই সমীক্ষাত অৱশ্যে এইটোও কোৱা হৈছে, যিসমূহ দেশত চৰকাৰী নীতি সাধাৰণ মানুহৰ স’তে আছে বুলি সাধাৰণভাৱে বিশ্বাস, সেইসমূহ দেশত অৱশ্যে এই বয়সৰ নাগৰিকসকলৰ চৰকাৰ, চিকিৎসক আৰু বিজ্ঞানৰ ওপৰত আস্থা দৃঢ় হৈছে ।

সমীক্ষাৰ দাবী, যিসকলৰ বয়স ২৫ বছৰৰ অধিক বা ১৮ বছৰৰ কম, তেওঁলোকৰ আস্থাৰ ওপৰত অতিমাৰীৰ তেনে কোনো প্রভাৱ দেখা নাযায় ।

সমীক্ষকসকলৰ সিদ্ধান্ত, ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰত থকা সকলৰ ওপৰতেই পাৰিপার্শ্বিক পৰিস্থিতিৰ প্রভাৱ অধিক হয় । অতিমাৰীও তাৰ ব্যতিক্রম নহয় । ক’ভিডৰ টিকাক লৈও সেইসমূহ দেশতেই সংশয় অধিক দেখা গৈছে য’ত অতিমাৰীৰ কাৰণে চৰকাৰ আৰু ৰাষ্ট্রব্যৱস্থাৰ ওপৰত আস্থা কমি গৈছে ।

চিন্তনীয় বিষয় যে, এই প্রভাৱে মানুহৰ জীৱনত স্থায়ী দাগ ৰাখি যায় । সমীক্ষা অনুসৰি, যিসমূহ দেশত চৰকাৰে নাগৰিকসকলৰ লগত থকাৰ বার্তা স্পষ্টভাৱে দিব পৰা নাই সেইসমূহ দেশতেই অতিমাৰীৰ ফলত চৰকাৰৰ আৰু চৰকাৰী নীতিৰ ওপৰত আস্থা কমাই নহয়, আগন্তুক সময়ত গণতান্ত্রিক ৰাষ্ট্রব্যৱস্থাৰ ওপৰতো ইয়াৰ প্রভাৱ পৰিব পাৰে বুলি সমীক্ষকসকলে সন্দেহ কৰিছে ।

লগতে, যিসমূহ দেশত বিজ্ঞান শিক্ষাৰ প্রসাৰ কম আৰু অতিমাৰীক লৈ চৰকাৰী ব্যৱস্থাত নাগৰিক সুখি নহয়, সেইসমূহ দেশত চিকিৎসা বিজ্ঞান আৰু বৈজ্ঞানিক গৱেষণাৰ প্রয়োজনীয়তাক লৈও মানুহৰ মনত গভীৰ সংশয়ে ঘৰ কৰিছে, যি একেবাৰেই কাম্য নহয় ।

Exit mobile version