Loudspeaker : আজানত লাউডস্পিকাৰ ব্যৱহাৰ মৌলিক অধিকাৰ নহয়, ৰায় ইলাহাবাদ উচ্চ ন্যায়ালয়ৰ

55148954c41a9

মছজিদত লাউডস্পিকাৰ বজোৱা সন্দৰ্ভত মহাৰাষ্ট্রত উত্তেজিত পৰিস্থিতিতেই এই বিষয়ত গুৰুত্বপূর্ণ ৰায় দিলে উত্তৰ প্রদেশৰ ইলাহাবাদ উচ্চ ন্যায়ালয়ে । দুই ন্যায়াধীশৰ ডিভিছন বেঞ্চৰ ৰায়— আজানৰ বাবে লাউডস্পিকাৰৰ ব্যৱহাৰ সংবিধানৰ মৌলিক অধিকাৰত নপৰে ।

সম্প্রতি উত্তৰ প্রদেশৰ বদায়ুঁ জিলাৰ বিছৌলি মহকুমাৰ এটা মছজিদ কর্তৃপক্ষ‌ই আজানৰ সময়ত লাউডস্পিকাৰ ব্যৱহাৰৰ প্রশাসনক আবেদন জনাইছিল । কিন্তু মহকুমাশাসকে অনুমতি নিদিয়াৰ মৌলিক অধিকাৰৰ প্রসংগ দাঙি ধৰি উচ্চ ন্যায়ালয়ত আবেদন জনোৱা হয় । সেই আবেদন খাৰিজ কৰিছে ইলাহাবাদ উচ্চ ন্যায়ালয়ে ।

উত্তৰ প্রদেশ চৰকাৰে সম্প্রতি সেই ৰাজ্যৰ সমস্ত ধর্মীয় প্রতিষ্ঠানত লাউডস্পিকাৰ বজাবৰ বাবে চৰকাৰী অনুমোদন লোৱা ‘বাধ্যতামূলক’ কৰিছে । ৰাজ্যখনৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে নির্দেশ দিছে, কোনো কাৰণতেই যেন লাউডস্পিকাৰৰ শব্দ এই সংশ্লিষ্ট ধর্মস্থানৰ বাহিৰত নাযায়, সেয়া নিশ্চিত কৰিব লাগিব ।

Exit mobile version