স্কটলেণ্ডত বসবাস কৰে বিশ্বৰ সবাতোকৈ ৰোমান্টিক ব্যক্তিয়ে, ৰোমান্সৰ ক্ষেত্ৰত দ্বিতীয় স্থানত ইটালী

meqbfe9rckl2sazhc

বিশ্বৰ কোনখন দেশৰ নাগৰিক সবাতােকৈ অধিক ৰােমাণ্টিক? ৰােমান্স বুলি ক’লেই সাধাৰণতে ফ্রান্সৰ কথাই সকলােৰে মনলৈ প্রথমে আহে। কিন্তু ফ্রান্স নহয়, দৰাচলতে স্কটলেণ্ডতহে বিশ্বৰ সবাতােকৈ ৰােমাণ্টিক লােকে বসবাস কৰে।

এক শেহতীয়া সমীক্ষাৰ তথ্য অনুসৰি, বিশ্বৰ সবাতােকৈ ৰােমান্টিক মনৰ লােকে বসবাস কৰে স্কটলেণ্ডত। ৰােমান্সৰ ক্ষেত্ৰত স্কটলেণ্ড বিশ্বৰ সর্বোত্তম দেশ হােৱাৰ বিপৰীতে দ্বিতীয় স্থানত আছে ইটালী।

‘দ্য ছান’ৰ বাতৰি অনুসৰি, ৰােমান্টিক ছুটীৰ দিন উপভােগৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে স্কটিছসকল আগবঢ়া। সময়-সুযােগ লাভ কৰিলেই স্কটিছ নাগৰিকে প্রিয়জনৰ স’তে ফুৰিবলৈ যায় আৰু ৰােমান্টিক পৰিৱেশত সময় অতিবাহিত কৰিবলৈ ভাল পায় ?

মহিলা আৰু পুৰুষক সামৰি অনলাইনৰ জৰিয়তে চলােৱা সমীক্ষাত স্কটিছ পুৰুষ-মহিলা উভয়ে বিশ্বৰ সবাতােকৈ অধিক ৰােমাণ্টিক প্রমাণিত হ’ল। ৰােমান্টিকতাৰ ক্ষেত্ৰত স্কটিছ নাগৰিকে ইটালী, ফ্রান্স, ব্রিটেইন, স্পেইনবাসীকো পৰাভূত কৰিলে।

সমীক্ষাটোৰ মতে, প্ৰেম আৰু ৰােমান্স ক্ষেত্ৰত স্কটিছসকল বিশ্বৰ ভিতৰতে শীর্ষত। স্কটলেণ্ডে তালিকাত প্রথম স্থান দখল কৰাৰ বিপৰীতে ইটালীয়ে লাভ কৰিলে দ্বিতীয় স্থান। আনহাতে, তৃতীয় স্থানত ফ্রান্স, চতুর্থ স্থানত ইংলণ্ড, পঞ্চম স্থানত স্পেইন আৰু ষষ্ঠ স্থানত আছে আমেৰিকা।

বিশ্বৰ সবাতােকৈ ৰােমাণ্টিক ১০খন দেশৰ এই তালিকাত অন্তর্ভুক্ত হৈছে পর্তুগাল, আয়াৰলেণ্ড, ছুইডেন আৰু ৱেলছাে। ‘দ্য ছান’ৰ বাতৰিত উল্লেখ কৰা মতে, এই সমীক্ষাৰ সন্দৰ্ভত এডিনবার্গ নিবাসী ৪১ বছৰীয়া ডেকে ছিম্পছনে কয় যে সমীক্ষাৰ তথ্যক লৈ তেওঁ চমক খােৱা নাই, কিয়নাে স্কটিছসকল সদায়ে ভাল প্রেমিক হিচাপে পৰিচিত আৰু তেওঁলােকে বিপৰীত লিংগৰ লােকক আকর্ষিত কৰিবলৈ ভালদৰে জানে।

স্কটিছসকলে ৰােমান্সৰ ক্ষেত্ৰত সদায় তৎপৰ বুলি মন্তব্য কৰি ছিম্পছনে লগতে কয় যে স্কটলেণ্ডৰ বাসিন্দাই কামৰ সময়ত কামত আৰু ছুটীৰ সময়ত ৰােমান্সত মনোেনিৱেশ কৰে। এই সমীক্ষাত স্কটলেণ্ডে ৪৩ শতাংশ ভােট লাভৰ জৰিয়তে বিশ্বৰ, সবাতােকৈ ৰােমান্টিক দেশৰ তালিকাত লাভ কৰিলে দ্বিতীয় স্থান।

তৃতীয় স্থানত থকা ফ্রান্সে লাভ কৰিলে ৩৮ শতাংশ ভােট। ইংলণ্ডে ৩৭ শতাংশ ভােট লাভ কৰি চতুর্থ স্থানত আছে। পঞ্চম স্থানত থকা ম্পেইনে লাভ কৰিলে ৩৫ শতাংশ ভােট। আমেৰিকাই ৩৪ শতাংশ ভোটৰে তালিকাত যষ্ঠ স্থান দখল কৰিছে।

একেদৰে সপ্তম স্থানত থকা পর্তুগাল ৩২ শতাংশ ভােট লাভ কৰিছে। ৩১ শতাংশ ভােটৰে আয়াৰলেণ্ডে অষ্টম, ৩১ শতাংশ ভােটৰে চুইডেনে নৱম আৰু ৩০ শতাংশ ভােট লাভ কৰি ৱেলছে তালিকাত দশম স্থান লাভ কৰিছে।

Exit mobile version