এন্টার্কটিকাৰ গৰ্ভত লুকাই আছে বিশাল জলাধাৰ

নিমিষতে ডুবি যাব পাৰে গুজৰাটৰ ‘ষ্টেচু অৱ ইউনিটী’

download 2

গােলকীয় উষ্ণতাৰ অভিশাপ পৃথিৱীৰ বুকুত লগাৰে পৰা তাৰ পৰা পৰিত্ৰাণৰ কোনাে উপায় নােলােৱা হৈছে। হিমবাহ গলাৰ সমান্তৰালকৈ পাতল হৈছে বায়ুমণ্ডলৰ অজ’ন স্তৰ। কার্বন নিঃসৰণৰ পৰিমাণ বাঢ়িছে, ফলত প্ৰৱল উত্তাপত দহিছে পৃথিৱীখন। প্রতিদিনেই বৃদ্ধি পাই আছে উত্তাপ।

ইয়াৰ মাজতে আন এক আশংকা প্রকাশ কৰিলে শেহতীয়া এক গৱেষণাই। পূৰ্বৰে পৰাই বিভিন্ন গৱেষণাই দাবী কৰি আহিছে যে গােলকীয় উষ্ণতাৰ ফলত হিমবাহ গলনতে লুকাই আছে আচল বিপদ। ইয়াৰ ফলত সাগৰৰ জলস্তৰ বৃদ্ধি হৈ উপকূলীয় চহৰসমূহক গ্রাস কৰিব পাৰে।

এইবাৰ নতুন গৱেষণাই শুনালে আৰু ডাঙৰ সাৱধানবাণী। গৱেষণাই জনাইছে যে এন্টার্কটিকাৰ গৰ্ভত লুকাই আছে সুবিশাল আকাৰৰ জলাধাৰ। সেই জলাধাৰৰ বাবেই নিমিষতে ডুবি যাব পাৰে বিশ্বৰ সবাতােকৈ ওখ গুজৰাটৰ ‘ষ্টেচু অৱ ইউনিটী’ বা চৰ্দাৰ বল্লভভাই পেটেলৰ মূর্তি।

নতুন গৱেষণা অনুসৰি বৰফেৰে ঢকা মেৰুদেশৰ গৰ্ভত যি পৰিমাণৰ পানী আছে, সেয়া ভূ- পৃষ্ঠলৈ ওলাই আহি যি হ্রদৰ সৃষ্টি কৰিব তাৰ গভীৰতা হ’ব কমেও আঠশ মিটাৰ। সেই কাৰণেই কোৱা হৈছে যে ১৮২ মিটাৰ উচ্চতাৰ ‘ষ্টেচু অৱ ইউনিটী’ও অতি সহজে পানীত ডুব যাব।

কলম্বিয়া বিশ্ববিদ্যালয় আৰু স্ক্রিছ অ’শ্বান’গ্রাফীৰ এদল গৱেষকে যৌথভাৱে এই গৱেষণা কৰিছে। স্ক্রিচ্ছৰ তৰফৰ পৰা ক্ল’ গুস্তাফছনে কয়, ‘এন্টার্কটিকাৰ বৰফৰ সোঁতৰ গতি-প্রকৃতি বুজাটো অত্যন্ত গুৰুত্বপূর্ণ। ইয়াৰ ৯০ শতাংশই বহমান। বৰফৰ তলত অন্তঃসলিলা জলস্রোত বৈ আছে বুলিয়ে আমাৰ অনুমান।’

উল্লেখ্য এন্টার্কটিকাৰ অভ্যন্তৰত ঠিক কিমান পৰিমাণৰ পানী আছে সেই সম্পর্কে এটা ধাৰণা হৈছে ঠিকই, কিন্তু সঠিক পৰিমাণ জনাটো সম্ভৱ নহয়। এই কথা বিজ্ঞানীসকলেও মানি লৈছে। ইলেক্ট্র’মেগনেটিক প্রযুক্তিৰ সহায়ত সঠিক পৰিমাণ জোখাৰ চেষ্টা কৰা হৈছিল।

এই প্রযুক্তিৰ দ্বাৰা পানীৰ উপৰভাগৰ পৰা এশৰ পৰা দুশ মিটাৰ পৰ্যন্তহে জোখ লােৱাটো সম্ভৱ, তাৰ ওপৰত নােৱাৰি। আচলতে মেৰুপ্ৰদেশৰ পৰিৱেশত এই প্রযুক্তিয়ে সঠিকভাৱে কাম নকৰে বুলি জনাইছে বিজ্ঞানী হেলেন আমাণ্ডো ফ্ৰিকাৰে। কিয়নাে সামান্য পানীৰ স্তৰৰ পাছতে পুনৰ পােৱা গৈছে বৰফৰ চাদৰ।

সেই বাবেই পানীৰ জোখ সঠিকভাৱে লােৱা সম্ভৱ নহয়। গৱেষকসকলে জনাইছে যে এন্টার্কটিকাৰ গৰ্ভত পানীৰ ভাণ্ডাৰ ঠিক সিমানেই, যিমানখিনি আন কোনাে গ্রহ বা চন্দ্ৰৰ ভিতৰভাগত আছে। এই পানীৰ পৰাই আভ্যন্তৰীণ তাপমাত্রা নিয়ন্ত্রিত হয়।

Exit mobile version