ক’ভিডত কমেও ডেৰ কোটিৰ মৃত্যু হৈছে:হু

ভাৰতসহ বহু দেশেই প্ৰকাশ কৰা নাই মৃতকৰ প্ৰকৃত তথ্য

fd90ff0275e467d5a531a2d2be78b8fd original

ক’ভিড অতিমাৰীত সমগ্ৰ বিশ্বত কমেও ১.৫ কোটি লোকে প্ৰাণ হেৰুৱাইছে । সেই সংখ্যা বৰ্তমানৰ পৰিসংখ্যা প্ৰায় দ্বিগুণ। সম্প্ৰতি এক সমীক্ষাত এই তথ্য সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই।

প্রধানকৈ গাণিতিক মডেলৰ সাহায্যত কৰা এই সমীক্ষাত বিশেষজ্ঞসকলে দাবী কৰিছে যে দুবছৰৰ নিৰিখত এই মৃত্যুৰ হাৰ স্বাভাৱিকতকৈ ১৩ শতাংশ অধিক।

‘হু’ৱে দাবী কৰিছে যে বহু দেশেই মৃত্যুৰ প্রকৃত পৰিসংখ্যা প্রকাশ কৰা নাই। ভাৰত এই দেশসমূহৰ অন্যতম। ফলত বাস্তৱত মৃত্যুৰ সংখ্যা আৰু বেছি হ’ব পাৰে।

‘ হু’ৰ অভিযােগ, ভাৰতত অতিমাৰীত মৃত্যুৰ সংখ্যা চৰকাৰী পৰিসংখ্যাতকৈ কমেও ১০ গুণ বেছি। অৱশ্যে হু’ৰ এই দাবীৰ প্রতিবাদ জনাইছে ভাৰতে।

কালি এক বিবৃতি প্রকাশ কৰি ভাৰতে জনাইছে যে গাণিতিক মডেলৰ সমীক্ষা ব্যৱহাৰ কৰি মাত্রাধিক মৃত্যু দেখুওৱা হৈছে। ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ তৰফৰ পৰা সঠিক পৰিসংখ্যাই প্রকাশ হৈছে বুলিও ভাৰতে উক্ত বিবৃতিত জনাইছে।

Exit mobile version