ঘৰ-মাটি থকাৰ পাছতো বিনামূলীয়া ৰেছন লৈছে নেকি ?

বিপদত পৰিব পাৰে আপুনিও

images 1

যদি আপােনাৰ ওচৰত ৰেছন কার্ড আছে, তেন্তে এই বাতৰিটো আপােনাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব পাৰে। সম্প্রতি কেন্দ্ৰৰ তৰফৰ পৰা কিছুমান ক্ষেত্ৰত, কিছুমান, চৰ্তৰ স’তে ৰেছ কার্ড সমর্পণ কৰাৰ নিয়ম দিয়া হৈছে। এই নিয়মবােৰ উপেক্ষা কৰিলে আপুনি বিপদত পৰিব পাৰে আৰু আনকি জৰিমনা পর্যন্ত ভৰিব লগা, হ’ব পাৰে।

লগতে যিসকল লােক বিনামূলীয়াকৈ ৰেছ লাভ কৰাৰ যােগ্য নহয়,অথচ দীর্ঘদিন ধৰি এই সুবিধা ভােগ কৰি আহিছে। তেওঁলােকৰ বিৰুদ্ধে চৰকাৰে আইনী ব্যৱস্থাও ল’ব পাৰে।

উল্লেখ্য যে কেন্দ্রই কৰ’না মহামাৰীৰ সময়তে দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে যি বিশেষ বিনামূলীয়া ৰেছ সেৱা আৰম্ভ কৰিছিল, সেই সেৱা এতিয়াও চলি আছে।

কিন্তু, শেহতীয়াকৈ কেন্দ্ৰৰ দৃষ্টিগােচৰ হৈছে যে বহু ৰেছ কার্ড ধাৰকে মােনা ভৰাই ৰেছনৰ সামগ্রী কঢ়িয়াই আছে যদিও তেওঁলােক বিনামূলীয়া ৰেছৰ বাবে যােগ্য নহয়। ইয়াৰ বিপৰীতে, আন বহু ৰেছ কার্ড ধাৰকে যােগ্য হলেও এই সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হােৱা নাই। এ

নে পৰিপ্ৰেক্ষিতত কেন্দ্রই অযােগ্য ৰেছ কার্ডধাৰকসকলক সম্প্রতি তদন্তৰ আওতালৈ অনাৰ যাে-জা কৰিছে। কেন্দ্রই যিসকল লােক বিনামূলীয়া ৰেহ্ন পবলৈ যােগ্য নহয় তেওঁলােকক তাৎক্ষণিকভাৱে ৰেছ কার্ড জমা দিবলৈ নির্দেশ দিছে। যদি কোনাে অযােগ্য ব্যক্তিয়ে এই নির্দেৰ্শৰ পাছতাে কার্ডখন দাখিল নকৰে, তেন্তে অনুসন্ধানৰ পাছত তেওঁৰ বিৰুদ্ধে যথােচিত ব্যৱস্থা লােৱা হব ।

ৰেছন কার্ড পাবৰ বাবে কোনবােৰ ব্যক্তি যােগ্য নহয় ?

এই সন্দৰ্ভত কেন্দ্রীয় চৰকাৰৰ কেতবােৰ স্পষ্ট নিয়ম আছে। এই নিয়ম অনুসৰিযদি এজন ব্যক্তিৰ ১০০ বর্গ মিটাৰ বা ১০৭৬ বর্গফুট মাটি থাকে, ফ্রেট বা ঘৰ থাকে, গাড়ী বা ট্রেক্ট থাকে আৰু অনুজ্ঞাপ্রাপ্ত আগ্নেয়াস্ত্র থাকে, তেওঁলােকে ৰেহ্ন কাৰ্ডৰ সুবিধা ল’ব নােৱাৰে।

আনহাতে, গ্রামাঞ্চলত বাস কৰা লােকৰ ক্ষেত্ৰত বছৰি দুই লাখ টকা আৰু চহৰাঞ্চলত বাস কৰা লােকৰ ক্ষেত্ৰত বছৰি তিনি লাখ টকাৰ অধিক উপার্জন হলে, তেওঁলােকক অযােগ্য বুলি ধৰা হয় ।

Exit mobile version