বজাৰৰ সবাতোকৈ জনপ্ৰিয় পাঁচটা বিলাসী স্মাৰ্টফোন

DSCF5519.0

ৱান প্লাছ ৮ প্র’

ৱান প্লাছৰ এই স্মার্টফোনত আছে ৬.৭৮ ইঞ্চিৰ এমােলেড় ডিছপ্লেসহ অক্টাকোৰ স্নেপড্ৰেগন ৮৬৫ প্রছেছৰ, ১২ জিবি ৰেম আৰু ২৫৬ জিবি ষ্টোৰেজৰ সুবিধা। এনড্রইড ১০ অক্সিজেন অপাৰেটিং ছিষ্টেম চালিত এই ফোনত ফিংগাৰপ্রিন্ট চেন্সৰ, ৪৫১০এমএএইছ বেটাৰীৰ লগতে আছে ৪৮মেগা পিক্সেল প্রাইমাৰী ছেৰযুক্ত কেমেৰা। ফোনটোৰ দাম ৫৪,৯৯০ টকা।


ছেমছু‍্যঙ গেলেক্সী এছ ২০আলট্রা

ছেমছু‍্যঙৰ সবাতােকৈ উত্তম কেমেৰা ছেটআপ এই মডেলটোতেই দিয়া হৈছে। ১০৮ মেগা পিক্সেল প্রাইমাৰী কেমেৰা ছেটআপৰ এই ফোনটোত আছে ১০০ এক্স জুমৰ ক্ষমতা, ৮কে ভিডিঅ’ ৰেকর্ডিঙৰ লগতে অত্যাধুনিক প্রযুক্তিৰ নাইট-মােড কেমেৰা এফেক্ট। ছেমছু‍্যং গেলেক্সী এছ ২০আলট্রা মডেলত এক্সীনজ ৯৯০ প্রছেছৰ আৰু ৫০০০ এমএএইছ বেটাৰী উপলব্ধ। বজাৰত ইয়াৰ দাম ৮৬,৯৯৯ টকা।


এপল আইফোন এছ ই

ব্যাপক জনপ্রিয়তা লাভ কৰা এপলৰ এই স্মার্টফোনটোত আছে ৪.৭ ইঞ্চিৰ এইছ ডি ৰেটিনা ডিছপ্লে,শক্তিশালী এপল এ১৩ বায়নিক প্রছেছৰ, ৬৪জিবি/১২৮জিবি/২৫৬জিবিৰ প্ৰসাৰসাধ্য মেমৰীৰ সুবিধা। লগতে ফোনটোত আছে ১২মেগা পিক্সেল ৰিয়াৰ কেমেৰা আৰু সাত মেগা পিক্সেল ফ্রন্ট কেমেৰাও। এপল আইফোন এছ ই হৈছে পানী আৰু ধূলি প্রতিৰােধী মডেল যাৰ দাম ৩৫,৯৯০ টকা।


মট’ৰ’লা এডজ প্লাছ

অত্যাধুনিক হাই এণ্ড ডিজাইনৰ এই ফোনত কুৱেলকম পেড্রেগন ৮৬৫ প্রছেছৰৰ লগতে ১২জিবি ৰেম আৰু ২৫৬জিবি আভ্যন্তৰীণ ষ্টোৰেজ উপলব্ধ। ধেনুভিৰীয়া ডিছপ্লেযুক্ত এই মডেলত ১০৮মেগা পিক্সেল প্রাইমাৰী কেমেৰাৰ স’তে দুটাকৈ গৌণ কেমেৰাও দিয়া হৈছে। মট’ৰ’লা এডজ প্লাছৰ দাম ৬৪,৯৯৯ টকা।

ছেমছু‍্যংগেলেক্সী এ৫১

৬.৫ ইঞ্চি ডিছপ্লেযুক্ত এই স্মার্টফোনৰ পিক্সেল ৰিজলিউছন হ’ল ২৪০০x১০৮০।‌অক্টাকোৰ এক্সীনজ ৯৬১১ প্রছেছৰৰ এই স্মার্টফোনত ৬জিবি ৰেম আৰু ১২৮জিবি ষ্টোৰেজ উপলব্ধ। কুৱেড ৰিয়াৰ কেমেৰা ছেটআপৰ এই ফোনটোত আছে ৪৮ মেগা পিক্সেল প্রাইমাৰী ছেৰ, ১২ মেগা পিক্সেল আন্ট্রা ৱাইড এংগল লেন্সসহ পাঁচ মেগা পিক্সেল ডেপ ছেন্সৰ আৰু পাঁচ মেগা পিক্সেল মেক্রো লেন্সৰ সুবিধা। ৪০০০এমএএইছ বেটাৰীৰ ছেমছুং গেলেক্সী এ৫১ নামৰ এই মডেলটোৰ দাম মাত্র ২০,৬৯৯ টকা।


পি২পি আৰু বি২চি পদ্ধতি

ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশােধ নিগম চমুকৈ এনপিচিআই-য়ে জানিবলৈ দিয়া মতে, এই বিশেষ প্রিপেইড ভাউচাৰ দুই ধৰণে প্রেৰণ কৰিব পাৰি। ইয়াৰে প্রথমটো হৈছে পি২পি অর্থাৎ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ প্রেৰণ কৰিব পৰা পদ্ধতি। আনহাতে, দ্বিতীয়টো পদ্ধতি হৈছে বি২চি এই পদ্ধতিত কোনাে এক ব্যৱসায়িক প্রতিষ্ঠানৰ পৰা ইয়াৰ উপভােক্তালৈ প্রিপেইড ভাউচাৰ প্ৰেৰণ কৰিব পাৰি।

Exit mobile version