বিৰোধী দলৰ কোনো শক্তি আৰু ভৱিষ্যৎ নাই : মংগলছিং তিমুং

বিজেপিৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কাৰ্বি আংলঙত

b66a00a0 b7e9 41af a017 1a5e7e62fc50

সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা অব্যাহত থকাৰ মাজতে শাসক দল বিজেপিয়েও দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যেৰে কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তত পৃষ্ঠ প্ৰমুখ সন্মিলন অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে । একেদৰে কাৰ্বি পৰিষদৰ হামৰেণ সমষ্টিৰ ডংকামোকামতো বিজেপিৰ পৃষ্ঠ প্ৰমুখ সন্মিলন অনুষ্ঠিত কৰি নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰা দেখা পোৱা যায় বিজেপিয়ে ।

উন্নয়ন আৰু প্ৰগতিৰ কথা দোহাৰী বিজেপি চৰকাৰৰ জয়গানেৰে ভাষণ প্ৰদান কৰা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে পৃষ্ঠ প্ৰমুখসকলক তৃণমূল পৰ্যায়ৰ মূল ব্যক্তি বুলি অভিহিত কৰে । লগতে অহা জুন মাহৰ মাজ ভাগত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পৃষ্ঠ প্ৰমুখসকলে নিয়াৰিকৈ নিজ দায়িত্ব পালন কৰিব পাৰিলেহে উদ্দেশ্য সিদ্ধি সম্ভৱ হ’ব বুলি মন্তব্য কৰি পৃষ্ঠ প্ৰমুখসকলক নিজ দায়িত্ব পালন কৰি যোৱাৰ বাবে আহ্বান জনায় ।

লগতে বিজেপি চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবেও আহ্বান জনায় তিমুঙে । আনহাতে, কাৰ্বি আংলঙত এএছডিচি, এপিএইচএলচি, কংগ্ৰেছ অৰ্থাৎ বিৰোধী দলৰ কোনো শক্তি আৰু ভৱিষ্যৎ নাই বুলিও মন্তব্য কৰে ।

আয়োজিত সন্মিলনত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙৰ বিপৰীতে পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং, হামৰেণ সমষ্টিৰ বাবে নিযুক্তি প্ৰদান কৰা প্ৰভাৰী বাৰী বেপি, হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেনছিং তিচ্ছ, হামৰেণ মণ্ডল যুৱ মৰ্চাৰ সভাপতি মোহন ৰংফাৰ, বিজেপি হামৰেণ মণ্ডল কমিটিৰ সভাপতি বীৰেনছিং তিচ্ছ’, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হাৰলঙচৰা সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, বিজেপি নেতা লংছিং ৰংফাৰ, চৱীয় বে, বীৰেন ৰংহাংঙৰ লগতে মহিলাসকল উপস্থিত থাকে ।

Exit mobile version