সেৰফানগুৰীত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিষুৱা উৎসৱ উদযাপন

WhatsApp Image 2022 05 08 at 8.19.46 PM

কোঁ‌চ-ৰাজবংশী জনগোষ্ঠীৰ হেঁপাহৰ পৰম্পৰাগত অনুষ্ঠান বিষুৱা ৰামফলবিল আঞ্চলিক আক্ৰাছুৰ লগতে মহিলা সমিতি আৰু ৰাইজৰ সহযোগত এদিনীয়াকৈ বিশাল বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সেৰফানগুৰীৰ ধাম বজাৰৰ পথাৰত অনুষ্ঠিত হয় । অনুষ্ঠানৰ সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে বিটিচিৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ সঞ্চালক বিল্লমংগল ৰায়ে ।

ADVERTISEMENT

অসম-পশ্চিমবংগ আদি কৰি বিভিন্ন ঠাইৰ কোঁ‌চ-ৰাজবংশী সাংস্কৃতিক দলে অনুষ্ঠানত ভাগ লয় ।অনুষ্ঠানত উপস্থিত থাকে আভ্যৰ্থনা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে সেনাপতি ৰায় আৰু হিৰন্য মোহন ৰায়, কেএচিৰ অধক্ষ্য হিতেশ্বৰ বৰ্মন, কেএচিৰ ই এম ক্ৰমে কৰ্মেশ্বৰ ৰায় আৰু পূৰবী সৰকাৰ, আক্ৰাছুৰ কেন্দ্রীয় উপদেষ্টা বিষ্ণুজ্যোতি ৰায়, চিলাৰায় সেনাৰ সচিব প্ৰধান দীপজ্যোতি ৰায় চৌধুৰী, কোকৰাঝাৰ জিলাৰ শিক্ষা আঁচনি বিষয়া জাহাংগিৰ হুছেইন, আক্ৰাছুৰ সাংস্কৃতিক সম্পাদক কল্পজ্যোতি ৰায়, দোতমা সমষ্টিৰ পাৰিষদ প্ৰকাশ বসুমতাৰীৰ লগতে জিলা আঞ্চলিক পৰ্যায়ৰ আক্ৰাছুৰ বিভিন্ন কৰ্মচাৰী আৰু সেৰফানগুৰীবাসী ৰাইজ ।

বিশেষকৈ নামনি অসমৰ কোঁ‌চ-ৰাজবংশী বসতি প্ৰধান অঞ্চলসমূহত বিষুৱা প্ৰচলন বেছিকৈ দেখিবলৈ পোৱা যায় ।

Exit mobile version