হোজাই জিলা কৰ্মচাৰী পৰিষদৰ নৱ-নিৰ্বাচিত কাৰ্যনিৰ্বাহকৰ শপতগ্ৰহণ

WhatsApp Image 2022 05 08 at 8.19.31 PM

আজি হোজাই জিলা সদৰ শংকৰদেৱ নগৰৰ মোহন শৰ্মা হাইস্কুল প্ৰাংগণত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হোজাই জিলা কৰ্মচাৰী পৰিষদৰ নৱ-নিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিয়ে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে ।

শংকৰদেৱ নগৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত অনুষ্ঠিত সভাত প্ৰথমে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা অনুপ কুমাৰ বৰঠাকুৰে প্ৰায় দুকুৰিৰো অধিক নৱ-নিৰ্বাচিত জিলা বিষয়ববীয়া আৰু সদস্য-সদস্যাক পৰিষদৰ সংবিধান মতে শপত বাক্য পাঠ কৰায় ।

সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপ সভাপতি জামাল আহমেদ, কাৰ্যকৰী সদস্য আনোৱাৰ হোছেইনকে ধৰি জিলাৰ কেইবাগৰাকী প্ৰাক্তন বিষয়ববীয়া উপস্থিত থাকে ।

উল্লেখ্য যে, যোৱা ১২ আৰু ১৩ ফেব্ৰুৱাৰীত যোগীজানত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনত ফায়েজ মহম্মদ বৰভূঞাক সভাপতি আৰু প্ৰণৱ চৌধুৰীক সাধাৰণ সম্পাদকৰূপে লৈ জিলাৰ ৫১ জনীয়া কাৰ্যকৰী সমতিখন গঠন হৈছিল । শপত গ্ৰহণৰ পাছত নৱ-নিৰ্বাচিত কাৰ্যনিৰ্বাহকৰ প্ৰথম বৈঠকখন অনুষ্ঠিত হয় । বৈঠকত অহা ১৬ মে’ৰ পৰা শিলচৰত অনুষ্ঠিতব্য কেন্দ্ৰীয় অধিৱেশনলৈ প্ৰতিনিধি প্ৰেৰণকে ধৰি কে’বাটাও জৰুৰী সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

Exit mobile version