Taj Mahala Controversy : তাজমহলৰ ভিতৰত লুপ্ত হৈ আছে হিন্দু দেৱ-দেৱীৰ মূর্তি ! ৰহস্য ভেদ কৰিবলৈ উচ্চ ন্যায়ালয়ত গোচৰ বিজেপিৰ

PTI05 03 2022 000061B 0 1651988309346 1651988330002

তাজমহলৰ ভিতৰত ২০টা ঘৰ খোলাৰ আবেদন জনাই এলাহাবাদ উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু হ’ল । সম্প্রতি তাজমহলক লৈ নতুনকৈ চাপ আৰম্ভ হৈছে । যোৱা পাঁচ মে’ত তাজমহলত ধর্ম সংসদ অনুষ্ঠিত কৰাৰ আহ্বান জনাইছিল অযোধ্যাৰ সাধু জগদ্‌গুৰু পৰমহংস আচার্য‌ই । তেওঁ পুনৰ শিৱলিংগ প্রতিষ্ঠা কৰাৰ কথাও কৈছিল তাজমহলত । এই বিতর্কৰ মাজতেই এইবাৰ অযোধ্যা জিলাত ভাৰতীয় জনতা পার্টিৰ মিডিয়া ইনচার্জ ডঃ ৰজনীশ সিঙে আবেদন দাখিল কৰে । আদালতে আবেদনকাৰীৰ প্রতিনিধিত্ব কৰিছে অধিবক্তা ৰুদ্র বিক্রম সিঙে ।

আবেদনৰ পৰিপ্রেক্ষিতত বিজেপি নেতা ৰজনীশ সিঙে দাবী কৰে, ‘তাজমহলক লৈ পুৰণি বিতর্ক আছে । তাজমহলৰ প্রায় ২০টা কক্ষ তলাবদ্ধ আৰু কাকো প্রৱেশ কৰিবলৈ দিয়া নহয় । ধাৰণা কৰা হয়, এইবোৰ ঘৰত হিন্দু দেৱতা আৰু ধর্ম সম্পর্কিত মূর্তি আছে । ইয়াৰ পৰিপ্রেক্ষিতত ম‌ই উচ্চ ন্যায়ালয়ত এটা পিটিছন দাখিল কৰিছো যাতে আর্কিঅ’লজিকেল ছার্ভে অৱ ইণ্ডিয়াক এই কক্ষবোৰ খুলিবৰ বাবে নির্দেশ দিয়া হয় । এই কক্ষবোৰ খুলিলে এই সংক্রান্ত যাৱতীয় বিতর্ক বন্ধ হৈ যাব আৰু সেয়া কৰাতটো কোনো ক্ষতি নাই ।’

আবেদনত, গোচৰ ৰুজু কৰা আদালতক আবেদন জনাইছে যাতে ৰাজ্য চৰকাৰক এই সন্দৰ্ভত এটা কমিটী গঠনৰ নির্দেশ দিয়া হয় । এই কমিটীয়ে উক্ত কক্ষবোৰ পৰীক্ষা কৰিব আৰু তাত হিন্দু মূর্তি বা ধর্মগ্রন্থৰ স’তে সম্পর্কিত কোনো প্রমাণ আছে নে নাই সন্ধান কৰিব । উল্লেখ্য, বহুকেইটা কট্টৰপন্থী হিন্দু সংগঠনে তাজমহলক তেজো মহালয়া নামক এটা হিন্দু মন্দিৰ বুলি দাবী কৰে ।

Exit mobile version