অসম আৰক্ষীৰ চোৰাংচোৱাৰ অভিযোগত দুই যুৱকক হত্যা কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আব্দুল খালেকৰ

অসম আৰক্ষীৰ চোৰাংচোৱাৰ অভিযোগত সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাসক আলফাই হত্যা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে।

ADVERTISEMENT

বহু দিনৰ আগতেই আলফাই বিবৃতি যোগে প্ৰকাশ কৰিছিল যদিও অসম চৰকাৰে যুৱক দুজনক উদ্ধাৰৰ বাবে কোনো ধৰণৰ তৎপৰতা নেদেখুৱাৰ অভিযোগ তুলি চৰকাৰ ব্যৰ্থ হোৱা বুলি ক্ষুৰধাৰ সমালোচনা কৰে সাংসদ গৰাকীয়ে।

মৃত্যু বেদনাদায়ক বুলি হুমুনিয়াহ কাঢ়ি দুয়োটা পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে পৰিয়াল দুটাক এককালিন সাহাৰ্য্য আৰু এটাকৈ চাকৰি দিয়াৰ বাবে চৰকাৰক আহ্বান জনায় সাংসদ আব্দুল খালেকে।

Exit mobile version