চাওঁতাল ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলী

দাবী পূৰণ নোহোৱালৈ ধাৰাবাহিক আন্দোলন কৰাৰ হুংকাৰ

সদৌ চাওঁতাল ছাত্ৰ সন্থাই বিভিন্ন দাবীৰ সমৰ্থনত আজি চিৰাঙৰ সুন্দৰীৰ পৰা প্ৰতিবাদী বাইক ৰেলি‌ উলিয়ায় । সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰিমান চোৰেন, সাংগঠনিক সম্পাদক দুৰ্গা চোৰেনসহ চিৰাং জিলা সমিতিৰ সভাপতি চোলেমন মুৰ্মুয়ে আনুষ্ঠানিকভাৱে আজি বাইক ৰেলিৰ জৰিয়তে চাওঁতাল ছাত্ৰ সন্থাৰ প্ৰতিবাদী আন্দোলন কাৰ্য্যসূচী আৰম্ভ কৰে ।

চাওঁতালসকলৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে, ভাষা ৰক্ষাৰ বাবে, ভূমিৰ অধিকাৰ বিচাৰি এই আন্দোলন কাৰ্য্যসূচী হাতত লোৱা বুলি জনায় সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰিমান চোৰেনে । চাওঁতাল জনগোষ্ঠীক চাহ জনজাতি হিচাপে জাতিগত প্ৰমাণপত্ৰ কেবিনেট সিদ্ধান্তৰ বিৰোধাতাৰে এই প্ৰতিবাদী বাইক ৰেলী কৰা বুলি জনায় তেওঁ ।

পুৱা ন বাজি ৩০ মিনিটত জিলাখনৰ সুন্দৰীৰ পৰা বাইক ৰেলি আৰম্ভ কৰে । চাওঁতালসকলৰ দাবী পূৰণ নোহোৱালৈ আন্দোলন ধাৰাবাহিকভাৱে চলিব বুলিও কয় সম্পাদক চোৰেনে ।

এই আন্দোলনৰ অংশ হিচাপে ১৫ মে’ত বড়ো-আদিবাসী গোষ্ঠীগত সংঘৰ্ষৰ দিনটো ক’লা দিৱস হিচাপে প্ৰত্যেক আঞ্চলিকত পতকা উত্তোলন কৰি পালন কৰা হ’ব । লগতে, ১৮ মে’ত চাইকেল ৰেলী কৰিব গাৰুভাষাত, ২০ মে’ বেংতল, ২৩ মে’ ৰুনিখাতা, ২৫ মে’ চিদলী আৰু ২৭ মে’ দেউশ্ৰী আঞ্চলিকত কৰিব আৰু ৩১ মে’ত সুন্দৰীৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী পদযাত্ৰা কৰা হ’ব বুলি চিৰাং জিলা সমিতিৰ সভাপতি ছলেমন মুৰ্মুয়ে জনায় ।

Exit mobile version