শিৰোনামত আকৌ ‘কা’

প্ৰাঞ্জলসেন ডেকা

CAA

ক’ভিড মহামাৰীৰ প্ৰকোপ হ্ৰাস পালেই বহু বিতৰ্কিত সংশোধিত নাগৰিকত্ব আইন (কা) বলৱৎ কৰা হ’ব বুলি ঘোষণা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দৰাচলতে এই ক্ষেত্ৰত অনিশ্চয়তাৰহে সৃষ্টি কৰা যেন ধাৰণা হয় । মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ হাতত পৰ্যুদস্ত হোৱাৰ সম্পূৰ্ণ এবছৰ পাছত পশ্চিমবংগত ভুমুকি মৰা শ্বাহে যোৱা বৃহস্পতিবাৰে শিলিগুৰিৰ এক সমাবেশত এই ঘোষণা কৰে । ২০১৯তে এই নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব)খন গৃহীত হোৱাৰ তিনি বছৰ পাছতো এই পৰ্যন্ত আইনখন বলৱৎ নোহোৱাক কেন্দ্ৰ কৰি বিভিন্ন চৰ্চা অব্যাহত আছে । এই আইন বলৱতৰ বাবে প্ৰয়োজনীয় বিধিসমূহ প্ৰস্তুত নকৰা বাবেই আইনখন কাৰ্যকৰী কৰাটো সম্ভৱ হৈ উঠা নাই । যিকোনো আইন বলৱৎ কৰিবলৈ হ’লে ইয়াৰ বিধিসমূহ নিৰ্ধাৰিত হ’ব লাগিব । এই পৰ্যন্ত ইয়াৰ বিধিসমূহ প্ৰস্তুতৰ বাবে পুনৰ পাঁচমাহ সময় লৈছে ।

গৃহমন্ত্ৰী শ্বাহে বিভিন্ন সময়ত কৰ’নাৰ বাবেই এই কাম সম্পূৰ্ণ হোৱা নাই বুলি সদৰী কৰিলেও সেই কথা বেছিভাগেই বিশ্বাসত লোৱা নাই; বৰঞ্চ ইয়াৰ আঁৰত কোনো ৰাজনৈতিক উদ্দেশ্য থকা বুলিহে ধাৰণা কৰে । এনে পৰিপ্ৰেক্ষিতত তেওঁ পশ্চিমবংগত ‘কা’ বলৱতৰ সম্পৰ্কত ভাষ্য দাঙি ধৰাৰ আঁৰতো ৰাজনৈতিক বাধ্যবাধকতাই ক্ৰিয়া কৰা বুলি ক’ব পাৰি । বিগত লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিজেপিয়ে পশ্চিমবংগৰ মাতুৱা সম্প্ৰদায়ৰ সমৰ্থন আদায় কৰিছিল ‘কা’ ৰূপায়ণৰ প্ৰতিশ্ৰুতিৰে ।

২০১৯ৰ লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ ৬৮টা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টিৰ ৩৩টাতে বিজেপিয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল । কোৱা বাহুল্য যে এই ৩৩টা সমষ্টিৰ ২৬টাতে মাতুৱা সম্প্ৰদায়ৰ আধিপত্য আছে । একেদৰে ২০২১ৰ বিধানসভা নিৰ্বাচনত এই ২৬টাৰ ১৪টা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰে । পূৱ পাকিস্তানৰ পৰা অনুপ্ৰৱেশ কৰা মাতুসকলক ‘কা’ ৰূপায়ণৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰা হ’ব বুলি নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল; কিন্তু আইন গৃহীত হোৱাৰ তিনি বছৰ উকলি যোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে ইয়াক বলৱৎ নকৰিলে । ইয়াকে লৈ মাতুৱাসকলৰ মাজত তীব্ৰ ক্ষোভৰ উদ্ৰেক ঘটিছে ।

ইতিমধ্যে বিজেপিৰ মাতুৱা বিধায়ক-সাংসদে কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰাতে ক্ষান্ত নাথাকি দলত্যাগৰ কুচকাৱাজ চলাইছে । আনকি মাতুৱা সম্প্ৰদায়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শান্তনু ঠাকুৰেও চৰকাৰৰ অৱহেলাত অসন্তুষ্টি প্ৰকাশ কৰি আহিছে । এই আইন ৰূপায়ণৰ প্ৰশ্নত মাতুৱা সম্প্ৰদায়ৰ জনপ্ৰতিনিধিসকল নিজ নিজ অঞ্চলত তীব্ৰ চাপৰ সন্মুখীন হ’বলগীয়া হৈছে । অকল মাতুৱা সম্প্ৰদায়ৰ ক্ষেত্ৰত নহয়, সামগ্ৰিকভাৱে পশ্চিমবংগত বিজেপি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ।

লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছ ত্যাগ কৰি বিজেপিত চামিল হোৱা বহুসংখ্যক প্ৰভাৱশালী নেতাই দলে চৰকাৰ গঠনত ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ মমতাৰ শৰণাপন্ন হৈছে । প্ৰতিদিনেই বিজেপি বিধায়ক-সাংসদ তথা বিভিন্ন পৰ্যায়ৰ নেতাই অসন্তুষ্টি প্ৰকাশ কৰি মমতা বন্দনাত ব্যস্ত হৈছে । কেন্দ্ৰীয় নেতৃত্ব‌ই পাৰ্যমানে চেষ্টা চলায়ো এনে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সক্ষম হোৱা নাই ।

বিগত দুটাকৈ নিৰ্বাচনত শ্বাহ নিজেই পশ্চিমবংগৰ দায়িত্বত আছিল যদিও বিধানসভা নিৰ্বাচনত শৌচনীয় ব্যৰ্থতাৰ সন্মুখীন হয় । এনে পৰিপ্ৰেক্ষিতত দলক ধৰি ৰখাৰ স্বাৰ্থতে এইবাৰৰ ভ্ৰমণত তেওঁ পুনৰ জোলোঙাৰ পৰা ‘কা’ৰ প্ৰসংগ বাহিৰ কৰিবলগীয়া হৈছে । অৱশ্যে গৃহমন্ত্ৰীৰ এনে ঘোষণাই মাতুৱা সম্প্ৰদায়ক আশ্বস্ত কৰিব পৰা নাই; বৰঞ্চ এই ঘোষণাৰ জৰিয়তে ‘কা’ বলৱতৰ প্ৰসংগটো অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়া হ’ল বুলিহে তেওঁলোকে সন্দেহ কৰিছে ।

কিয়নো কৰ’না মহামাৰী কেতিয়ালৈ প্ৰশমিত হ’ব সেয়া ভাৰত বাদেই, বিশ্বৰ কোনো বিশেষজ্ঞই এই পৰ্যন্ত কোনো ধাৰণা দিবলৈ সক্ষম হোৱা নাই; বৰঞ্চ এটাৰ পাছত এটাকৈ ইতিমধ্যে চাৰিটা ঢৌৱে জোঁকাৰি গৈছে । গতিকে কৰ’না শেষ হোৱালৈ অপেক্ষা কৰাৰ অৰ্থ ‘আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনিহি খাই যা ভাত’ৰ লেখীয়াই হ’বগৈ বুলি সকলোৰে ধাৰণা ।

অৱশ্যে গৃহমন্ত্ৰী শ্বাহৰ ঘোষণাই মাতুৱা অথবা এই আইন বলৱতৰ সুবিধা ল’বলৈ অপেক্ষা কৰি থকা সম্প্ৰদায়সমূহক নিশ্চয়তা প্ৰদান নকৰিলেও অসমত কেতবোৰ দল-সংগঠনক প্ৰতিক্ৰিয়া প্ৰকাশৰ সুযোগ নিশ্চিতভাৱে আনি দিছে । ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰাইজৰ দল আদিয়ে এই সংশোধিত নাগৰিকত্ব আইন বলৱৎ কৰিবলৈ দিয়া নহ’ব বুলি ‘হুংকাৰ’ দিছে । এই দল-সংগঠনসমূহৰ এনে তথাকথিত হংকাৰ যে ৰাইজৰ চকুত ধূলি দিয়াৰ অপচেষ্টাৰ বাহিৰে আন একো নহয় তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন ।

সংসদত বিপুল ভোটত গৃহীত হোৱা আইনখন কাৰ্যকৰীকৰণৰ পৰা চৰকাৰক এই সংগঠনসমূহে কেনেদৰে বিৰত ৰাখিব ? এই কথা ঠিক যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমসহ দেশৰ কে’বাখনো ৰাজ্যত আন্দোলনৰ সূত্ৰপাত হয় । আনকি ৰাজধানী দিল্লীত ইয়াৰ বিৰুদ্ধে ৰক্তাক্ত সংঘৰ্ষ‌ও সংঘটিত হয় । কিন্তু সংসদত সংখ্যাগৰিষ্ঠতাৰ বলত চৰকাৰে অনায়াসে ইয়াক গৃহীত কৰে আৰু ততালিকে ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ জৰিয়তে ইয়াক আইনত পৰিণত কৰে ।

চুবুৰীয়া আফগানিস্তান, পাকিস্তান, বাংলাদেশ আৰু নেপালৰ পৰা ধৰ্মীয় অতিশয্যাৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, শিখ, জৈন আদি অমুছলমান লোকক এই দেশৰ নাগৰিকত্ব প্ৰদানৰ উদ্দেশ্যে এই আইন সংশোধন কৰা হয় ।

লক্ষ্যণীয় যে পৃথিৱীৰ যিকোনো প্ৰান্তত আতিশয্যৰ বলি হোৱা হিন্দু ধৰ্মৰ লোকক ভাৰতত সসন্মানে আশ্ৰ‌য় প্ৰদান নিশ্চিত কৰাটো বিজেপিৰ অন্যতম মূল নীতি । দল গঠনৰ সময়ৰে পৰাই বিজেপিয়ে এই নীতি ঘোষণা কৰি আহিছে । সেয়েহে সংসদত নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত বিজেপি চৰকাৰে এই নীতি বাস্তৱায়িত কৰাটোৱে স্বাভাৱিক । চৰকাৰে এই আইনৰ সংশোধনৰ তিনি বছৰ পাছতো ইয়াক কাৰ্যকৰী নকৰাটোহে বিচাৰ্যৰ বিষয় ।

এই কথা ঠিক যে ‘কা’ক লৈ কেতবোৰ বিষয়ত প্ৰশ্ন নথকা নহয় । বিশেষকৈ দেশৰ সংবিধানে ধৰ্ম-সম্প্ৰদায়ৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত বিভেদৰ কোনো সুযোগ দিয়া নাই । তদুপৰি ‘কা’ আৰু এন‌আৰচি পৰস্পৰ বিৰোধী স্থিতিত উপনীত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি । অৱশ্যে চূড়ান্ত এন‌আৰচি চৰকাৰে গ্ৰহণ নকৰে বুলি ঘোষণা কৰিছে ।

লক্ষ্যণীয়ভাৱে ‘কা’ বলৱৎ কৰা হ’ব বুলি স্পষ্টভাৱে ঘোষণা কৰাৰ পাছতো অসমত লোকসভা আৰু শেহতীয়া বিধানসভা নিৰ্বাচনতো বিজেপিয়ে বিপুল জয়লাভ কৰিবলৈ বিজেপিয়ে সক্ষম হৈছে । শেহতীয়া আটাইবোৰ নিৰ্বাচনতে বিজেপিয়ে এইদৰে ব্যাপক জনসমৰ্থন লাভ কৰি প্ৰমাণ কৰি দিছে যে অসমত ‘কা’ কোনো ইচ্ছ্যু হৈ থকা নাই । তাৰ পাছতো মুষ্টিমেয় দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰি ‘হুংকাৰ’ দিয়াৰ অৰ্থ বুজিবলৈ টান নহয় ।

নিজৰ অস্তিত্ব ৰক্ষাৰ সুযোগ ল’বলৈকে যে এনেদৰে তৎপৰ হৈ বিবৃতি দিছে সেই কথা কোনেও নুবুজাকৈ থকা নাই । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ সময়ত এই দল-সংগঠনসমূহে মিথ্যাচাৰৰে ৰাইজক আভুৱা ভাঁৰিবলৈ বিভিন্ন অশুদ্ধ তথা অসত্য তথ্য প্ৰচাৰ কৰিছিল; কিন্তু সেইবোৰত যে অসমৰ ভোটাৰ ৰাইজ পতিয়ন নগৈ বিজেপিকেই অধিক সমৰ্থন দিলে সেয়া নিৰ্বাচনৰ ফলাফলে স্পষ্ট কৰি দিলে ।

গতিকে চাবলৈ গ’লে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে ‘কা’ বাতিল কৰিব বুলি ভবাটো তেনেই অবান্তৰ । তদুপৰি অসমৰ ৰাইজৰ মাজতো ‘কা’ক লৈ কোনো ধৰণৰ চৰ্চা চলিছে যেন দৃষ্টিগোচৰ নহয় । সম্প্ৰতি বিহুৰ অনুষ্ঠানৰ নামত বোকা নাচত ব্যস্ত অসমৰ যুৱ সমাজ এনে ধৰণৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ক লৈ চিন্তিত বুলি ভবাটোও সমানেই অবান্তৰ । মূল্যবৃদ্ধি, অৰ্থ সংকট, ভয়াৱহ নিবনুৱা সমস্যা আদিয়ে জুমুৰি ধৰা অসমৰ যুৱচাম যেন বোকা নাচত মত্ত হৈ তৃপ্ত । ‘কা’ই হ‌ওক অথবা অন্যান্য জটিল সমস্যাবোৰেই হ‌ওক – সকলোবোৰ এই বোকা নাচত লুতুৰি-পুতুৰি কৰি পেলাইছে ।

Exit mobile version