শ্রীলংকাৰ প্রধানমন্ত্রী পদৰ পৰা পদত্যাগ কৰিলে মহিন্দা ৰাজাপক্ষেই ! দাবী স্থানীয় সংবাদমাধ্যমত

549250 former sl president

শ্রীলংকাৰ প্রধানমন্ত্রী পদৰ পৰা পদত্যাগ দিলে মহিন্দা ৰাজাপক্ষেই । সোমবাৰে বিয়লি সংবাদ সংস্থা এএনআই-য়ে এই কথা জনাইছে । শ্রীলংকাৰ স্থানীয় সংবাদমাধ্যম সূত্রে এই খবৰ প্রকাশ্যত আহিছে বুলি জনাইছে এএনআই-য়ে ।

এপ্রিলৰ পৰা শ্রীলংকাত অর্থনৈতিক সংকট আৰম্ভ হৈছিল । বিভিন্ন দেশত ঋণত জর্জৰিত শ্রীলংকাই নিজকে ‘অর্থনৈতিকভাৱে দেওলিয়া’ ঘোষণা কৰে । তাৰ পাছৰ পৰাই প্রধানমন্ত্রী ৰাজাপক্ষেৰ পদত্যাগৰ দাবী জোৰদাৰ হৈছিল ভাৰতৰ দক্ষিণৰ এই দ্বীপৰাষ্ট্রত । দেশৰ অর্থনৈতিক বিশেষজ্ঞসকলে জনাইছিল, ১৯৪৮ত শ্রীলংকাৰ স্বাধীনতাৰ পাছৰ পৰা দেশখন কেতিয়াও এনে চৰম অর্থনৈতিক সংকটত পৰা নাই ।

প্রসংগত, আন্তর্জাতিক ঋণ আৰু সুদ পৰিশোধ কৰিবলৈ চলিত বছৰৰ ভিতৰত প্ৰায় ৬৯০ কোটি ডলাৰ (প্রায় ৫২,৪০০ কোটি টকা) ব্যয় কৰাৰ কথা শ্রীলংকাৰ । নিত্যপ্রয়োজনীয় খাদ্যদ্রব্যৰ পৰা আৰম্ভ কৰি ইন্ধন, কৃষিক্ষেত্রত সাৰৰ দৰে একাধিক পণ্যৰ দাম আকাশলংঘী হৈছে । মাহৰ পাছত মাহ এই অৱস্থাৰ বিৰুদ্ধে দেশজুৰি চৰকাৰ বিৰোধী আন্দোলন আৰম্ভ কৰে শ্রীলংকাৰ জনতাই । ট্রেড ইউনিয়নবোৰৰ স’তে আন্দোলনত যোগ দিয়ে কলকাৰখানাৰ লাখ লাখ কর্মচাৰী, গণপৰিবহণ ব্যৱস্থাৰ স’তে জড়িত কর্মচাৰীসকলেও ।

Exit mobile version