ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দল অসম ৰাজ্যিক সমিতিয়ে কেবাটাও দাবী লৈ আজি ৰূপায়ন কৰে এক প্রতিবাদী কাৰ্যসূচী

সাম্প্রতিক পৰিস্থিতিত ৰাজ্যখন এক অর্থনৈতিক জটিল পৰিস্থিতিৰ কৰাল গ্রাসত পৰিছে। চৌদিশে কেৱল হত্যা-হিংসা, ধর্ষণ, বাদ-প্রতিবাদ, কৃষকৰ সমস্যা, বিশেষকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, চুৰি, ডকাইতি আৰু অন্যান্য ।

এনে এক পৰিস্থিতিত অসম ৰাষ্ট্রবাদী কংগ্ৰেছ দল অসম ৰাজ্যিক সমিতিয়ে জনসাধাৰণক মাধমাৰ সােধােৱা,সকলাে বয়-বস্তুৰে অস্বাভাৱিক মূল্যবৃদ্ধি ৰােধৰ দাবীত চৰকাৰৰ দৃষ্টিগােচৰ কৰি তাৰ সমাধানৰ বাবে দাবী উত্থাপন কৰে।

বিগত কে’বাদিন ধৰি ৰাজ্যখনত ব্যাপক হাৰত খাদ্যসামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিছে। দৈনিক প্রয়ােজনীয় সামগ্রী আকাশলংঘী মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ ৰাইজক বিপর্যস্ত কৰি পেলাইছে।

চাহিদাৰ সমানুপাতিক উৎপাদনৰ ক্ষেত্ৰত চৰকাৰৰ কোনাে কার্যকৰী ব্যৱস্থা নথকাৰ ফলত ব্যৱসায়িক গােষ্ঠীৰ মইমতালিত নিত্য ব্যৱহার্য সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটি আছে।

এই মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ খাটি খােৱা ৰিক্সাচালক, ঠেলাচালক, দিনমজুৰি কৰি খােৱা মানুহৰ জীৱন বিপর্যস্ত কৰি পেলােৱাৰ পিছততা কুম্ভকর্ণ নিদ্রাত থকা ৰাজ্যৰ যােগান বিভাগে এই মূল্যবৃদ্ধি বােধ কৰাত সম্পূৰ্ণৰূপে ব্যর্থ হৈছে।

মূল্যবৃদ্ধিৰ জৰিয়তে একাংশ মধ্যভােগীয়ে মুনাফা আদায় কৰি থকা দেখিও নির্বিকাৰ ভূমিকা লৈ আছে পৰিৱৰ্তন দেখুওৱা চৰকাৰখনে।

Exit mobile version