আহি আছে “অৱতাৰ ২” ! প্ৰথম দৃষ্টিতে চমক দিলে পৰিচালক জেমছ কেমেৰনে

avatar16.0

২০০৯ চনত মুক্তি পাইছিল পৰিচালক জেমছ কেমেৰনৰ ‘অৱতাৰ’ । চীনে পৰ্দাত স্পেছেল এফেক্ট কাক কয়, সেয়া দেখিছিলে পৰিচালক কেমেৰনে । অৱতাৰ’য়ে সমগ্ৰ বিশ্বতে এটা অভিলেখ সৃষ্টি কৰিছিল।

এইবাৰ, সেই পুৰণি ইতিহাসৰ স’তে,প্ৰায় ১৩ বছৰ পাছত ঘূৰি আহিছে ‘অৱতাৰ ২ দ্যা ৱেভ অফ ৱাটাৰ’। মুক্তি পালে ছবিখনৰ টিজাৰ । টিজাৰত চমক দিলে ‘অৱতাৰ ২’য়ে । সেই পাণ্ডোৰা।

সেয়া জেক আৰু নেয়তিৰি আৰু তেওঁলোকৰ পৰিয়াল। অৱশ্যে, ১২ বছৰৰ পাছত, পাণ্ডোৰালৈ বহুতো নতুন বস্তু আহিছে।

হলিউডৰ প্ৰতিবেদন অনুযায়ী,চলিত বৰ্ষৰ১৬ ডিচেম্বৰত ভাৰতত মুক্তি যাব হলিউডৰ সৰ্বাধিক জনপ্রিয় ছবি ‘অৱতাৰ – দ্য ৱে অৱ ৱাটাৰ’ । ছবিখনৰে অপেক্ষাত দৰ্শক ।উল্লেখযোগ্য যে এইছবিখন বিভিন্ন ভাষাত মুক্তি পাব ।

সংবাদ মাধ্যমৰ স’তে হোৱা এক সাক্ষাৎকাৰত কেমেৰনে জনাই যে তেওঁ ছিৰিজৰ দ্বিতীয় ইষ্টলমেন্ট ‘অৱতাৰ ২’ৰ শ্বুটিং সমাপ্ত কৰিছে। তেওঁ লগতে কয় যে ছবিখনৰ তৃতীয় অংশৰ দৃশ্যগ্ৰহণৰ প্ৰায় ৯৫ শতাংশ সম্পূৰ্ণ হৈছে। এতিয়া কেৱল সামান্য পৰিমাণৰ ভিএফএক্স কাম চলি আছে।

কেমেৰনে জনাই , কৰ’নাৰ কাৰণে ছবিখনৰ প্ৰযোজনা ৰখাৰ কাম চাৰে চাৰি মাহৰ বাবে বন্ধ কৰা হৈছিল। অৰ্থাৎ, যথেষ্ট সময় অপচয় হৈছে। এতিয়া ছবিখনৰ মুক্তিৰ তাৰিখ আগতে ঘোষণা কৰা হোৱাৰ বাবে চাপ বাঢ়িছে।

Exit mobile version