ছিংগাপুৰত নিষিদ্ধ হ’ল বিবেক অগ্নিহোত্ৰীৰ ‘দ্য কাশ্মীৰ ফাইলছ’

Kashmir Files poster

সমগ্ৰ দেশতে তোলপাৰ লগাই দিছিল পৰিচালক বিবেক অগ্নিহোত্ৰীৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’য়ে। ছবিখন মুক্তিৰ এসপ্তাহৰ ভিতৰতে ছবিখনে বক্স অফিচত হিট হৈছিল ।

ADVERTISEMENT

সমালোচকৰ পৰা দৰ্শকৰলৈকে সকলোৱে ছবিখন প্ৰশংসা কৰে। অৱশ্যে, ভাৰতত এই ছবিখনক লৈ মত বিৰোধ হয় যদিও ছিংগাপুৰত নিষিদ্ধ হয়’দ্য কাশ্মীৰ ফাইলছ’ ।

কেৱল সেয়াই নহয়, কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হৈছে, এই ছবিখনত যি দেখুওৱা হৈছে সেয়া এই দেশৰ সম্প্ৰীতিক আঘাত কৰিব পাৰে। যিটোৱে দেশত অশান্তিৰ সৃষ্টি কৰিব পাৰে। সেইকাৰণে এই ছবিখন নিষিদ্ধ ঘোষণা কৰা হৈছে।

বিগত ১১ মাৰ্চত মুক্তি পাইছিল বিবেক অগ্নিহোত্ৰী পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ । পৰিচালকজনে ১৯৯০ ৰ দশকত কাশ্মীৰী পণ্ডিতসকলক কেনেকৈ কাশ্মীৰৰ পৰা উৎখাত কৰা হৈছিল, পৰিয়ালবোৰৰ ওপৰত কেনেদৰে অত্যাচাৰ সংঘটিত হৈছিল তাৰ বাস্তৱ ছবি ফুটাই তোলাৰ চেষ্টা কৰিছে।

অনুপম খেৰৰ উপৰিও ছবিখনত মিথুন চক্ৰৱৰ্তী, পল্লৱী যোশী, দৰ্শন কুমাৰেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনে ইতিমধ্যে ৩০০ কোটিৰো অধিক ব্যৱসায় কৰিছে। যেতিয়া ‘দ্য কাশ্মীৰ ফাইলছ’-এ বক্স অফিচত দ্ৰুত ব্যৱসায় কৰি আছিল, বিবেক অগ্নিহোত্ৰীয়ে ইংগিত দিছিল যে তেওঁ আৰু দুটা বিতৰ্কিত বিষয়ৰ ওপৰত এখন ছবি নিৰ্মাণ কৰিব বিচাৰে।

বিবেক অগ্নিহোত্ৰীয়ে বিতৰ্কিত বিষয়ত চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ ভাল পায়। বিবেকে আগতে ‘দ্য তাচখন্দ ফাইলছ’ ‘বুদ্ধ ইন এ ট্ৰেফিক জাম’ৰ দৰে চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। ফলস্বৰূপে, তেওঁ বিতৰ্কতো জড়িত হ’ব লগা হৈছিল।

অভিনেতা অনুপম খেৰে বিবেকৰ স’তে বা ‘দ্য তাচখন্দ ফাইলচ’ বা ‘দ্য কাশ্মীৰ ফাইলছ’ৰ দৰে ‘দ্য দিল্লী ফাইলছ’ ছবিখনতো অভিনয় কৰিব পাৰে অনুপন খেৰে। অনুপমে ইতিমধ্যে ছবিখনত কাম কৰিবলৈ আগ্ৰহীয বুলি টুইট কৰিছে।

Exit mobile version