Baby Berth : কোলাত কেঁচুৱা লৈ নৈশভ্ৰমণৰ বাবে ৰেলত ‘বেবি বাৰ্থ’ ! সম্প্ৰতি আৰম্ভ পৰীক্ষামূলকভাৱে

berth

মাতৃ দিৱসত ভাৰতীয় ৰে’লৱেই মাতৃ আৰু তেওঁলোকৰ সন্তানৰ বাবে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। মাকৰ বাৰ্থৰ কাষত, শিশুৰ বাবে দিয়া হৈছে এটা বাৰ্থ । ইয়াক “বেবী বাৰ্থ” বুলি কোৱা হয়।

কোলাত কেঁচুৱা লৈ মাতৃৰ যাতে নিৰাপত্তাত নৈশভ্ৰমন কৰিব পাৰে তাৰ বাবেই এই নতুন পদক্ষেপটো লোৱা হৈছে বুলি ৰে’লৱেই জনাই যে।

উত্তৰ ৰেলৱেৰ লক্ষ্ণৌ আৰু দিল্লী বিভাগে যুটীয়াভাৱে এই নতুন পদক্ষেপ গ্ৰহণ কৰিছে। সেৱাটো আঠ মে’ত আৰম্ভ কৰা হৈছিল। ১২২৩০ লক্ষ্ণৌ মেইলৰ কোচ নম্বৰ ১৯৪১২৯/বি৪-এ ১২-৬০ নম্বৰত মাক আৰু তেওঁৰ সন্তানৰ বাবে এই সেৱা আগবঢ়োৱা হৈছে।

এই সেৱা বিষয়ে এটা টুইট কৰিছে উত্তৰ ৰেলৱে। উত্তৰ ৰেলৱেই ইয়াৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত বাৰ্থৰ এখন ফটোও পোষ্ট কৰে। বাৰ্থবোৰৰ কাষবোৰো ঘেৰাও কৰা হৈছে যাতে শিশু পৰি নাযায়। মূল বাৰ্থটো শিশুসকলৰ বাৰ্থৰ স’তে সংলগ্ন কৰা হৈছে যাতে তেওঁলোকে মাকৰ কাষত মুক্তভাৱে শুব পাৰে।

প্ৰয়োজন নহ’লে, ‘বেবী বাৰ্থ’ ভাঁজ কৰিব পাৰি। তলৰ বাৰ্থটো মুখ্যতঃ শিশুসকলৰ বাৰ্থৰ স’তে সংলগ্ন কৰা হৈছে।

সূত্ৰ অনুসৰি, কেঁচুৱাৰ বাৰ্থৰ বাবে কোনো পৃথক বুকিং নাই। যদি এজন যাত্ৰীয়ে টিকট পৰীক্ষকৰ ওচৰলৈ যায় আৰু এই সুবিধাৰ বাবে অনুৰোধ কৰে, তেওঁ এই ব্যৱস্থা কৰিব পাৰে।

যদি এই সেৱাৰ প্ৰতি ভাল সঁহাৰি থাকে, তেন্তে অনাগত দিনত এনে বাৰ্থসম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ’ব, সূত্ৰই জনায়।

Exit mobile version