Brown Diamond : হীৰা উদ্যানত ওলাল ২.৩৮ কেৰেটৰ বাদামী হীৰা

1652142607 diamond

ব্রিটিছ অভিনেতা আৰু পৰিচালক মেকেঞ্জি ক্রুকৰ পৰিচিত টিভি ছিৰিজ ‘ডিটেক্টৰিষ্ট’ৰ গল্প যেন এইবাৰ বাস্তৱ হ’ল । আমেৰিকাৰ আৰকানছ প্রদেশৰ পাইক কাউন্টিৰ ক্রেটাৰ অৱ ডায়মণ্ডছ ষ্টেট পার্ক তথা ৰাষ্ট্ৰীয় উদ্যানত এডাম হার্ডিন নামৰ এজন লোকে বিচাৰি উলিয়ালে ২.৩৮ কেৰেটৰ এক বিৰল বাদামী হীৰা । হার্ডিন শখৰ হীৰাৰ অন্বেষণকাৰী, যাক ডিটেক্টৰিষ্ট বুলি কোৱা হয় । ষ্টেট পার্কৰ কর্তৃপক্ষৰ দাবী, এই পার্কত ইমান বৃহৎ হীৰাৰ এয়ে প্রথম সন্ধান পোৱা গ’ল । এডামে এই হীৰাৰ নাম ৰাখিছে ‘ফ্ৰেংকেনষ্টোন’ ।

কর্তৃপক্ষ সূত্রে খবৰ, যোৱা ১০ এপ্রিলত আৰকানছৰ ক্রেটাৰ অৱ ডায়মণ্ডছ ষ্টেট পার্কত হীৰাটো সন্ধান পায় এডামে । যোৱা তিনি মে’ত এটা টুইটাৰত নিজৰ পেজত বিষয়টো সন্দৰ্ভত প’ষ্ট কৰে আৰকানছ ষ্টেট পার্কৰ কর্তৃপক্ষ‌ই । দীর্ঘ ১০ বছৰৰো অধিক সময় ধৰি এই পার্কত আহে হার্ডিন । আগতে সৰু-সুৰা অজস্র হীৰা পালেও দুই কেৰেটতকৈ বৃহৎ আকাৰৰ হীৰা তেওঁ এয়ে প্রথম পালে ।

তথ্য অনুসৰি, মূলত ৱেট ছিফটিং পদ্ধতিত তালাচী চলাই তেওঁ হীৰাটো আৱিষ্কাৰ কৰে । পোৱা মাত্রকে পার্কৰ ডায়মণ্ড ডিছক’ভাৰী চেন্টাৰত বিষয়টো জনায় । হার্ডিনে জনাইছে, যন্ত্রৰ সহিয়ত মাটি উলোটাওতেই হীৰাটো চিকমিকাই উঠে ।

কফি ৰঙা হীৰাটো ৰাজমাহৰ আকাৰৰ । অঞ্চলটো আগ্নেয়গিৰি অধ্যুষিত হোৱাৰ ফলত ইয়াৰ আগতেও এই পার্কত হীৰা পাইছে বহু অন্বেষণকাৰীয়ে । হার্ডিনে জনাইছে, হীৰাটো তেওঁ বিক্রী কৰিব বিচাৰে ।

Exit mobile version