Cyclone Asani : উদ্বোধনৰ দুদিন পাছতেই ভাঙিল সমুদ্রত উপঙা সেতু

বিধায়কৰ স্পষ্টিকৰণ, ধ্বংসৰ মূলত 'অশনি'

collapse 6279f65ad38ee

ধুমধামেৰে সেতুটোৰ উদ্বোধন হৈছিল । ফিটা কাটি জনতাৰ বাবে মুকলি কৰি দিছিল ৰাজ্যৰ এজন বিধায়কে । তাৰ ঠিক তিনি দিনৰ পাছতে ভাঙি পৰিল সেতুটো ।

ঘটনাটো সংঘটিত হৈছে কর্নাটকৰ উদুপিৰ মালপেৰ সৈকতত । তাত পর্যটকসকলৰ বাবে প্রায় ৮০ লাখ টকা খৰচ কৰি প্ৰস্তুত কৰা হৈছিল সমুদ্রত উপঙি থকা সেতু । প্রচাৰত কর্নাটক চৰকাৰে কৈছিল, ঢৌত সেতুৰ ওপৰেদি খোজকাঢ়িব পাৰিব পৰ্যটকসকলে । ঢৌৰ উঠা-নমা অনুভৱ কৰিব পাৰিব সেতুত খোজকাঢ়োতে ।

যোৱা শুকুৰবাৰে সেতুটোৰ উদ্বোধন হয় । দুদিন পাছত সোমবাৰে দেখা যায় সমুদ্রত টুকুৰা-টুকুৰ হৈ পৰি আছে সেতুটোৰ বিভিন্ন অংশ । ঢৌত ছিঙ খাইছে সেতুৰ ৰছি । প্রায় ১০০ মিটাৰ দীর্ঘ সেতুৰ মাজভাগৰ অংশই নাই ।

কর্নাটকৰ বিধায়ক ৰঘুপতি ভট্ট‌ই উদ্বোধন কৰিছিল সেতুটো ।

উল্লেখ্য বিধায়ক ভট্ট‌ই অৱশ্যে সেতু ভঙাৰ কাৰণ হিচাপে ঘূর্ণি বতাহ ‘অশনি’কেই দৰ্শাইছে । তেওঁ কয়, ঘূর্ণি বতাহত উত্তাল সমুদ্রই সেতু ভঙাৰ কাৰণ । যদিও সেতুটো লিজত লোৱাজনৰ দাবী যে, বতাহত সেতু ধ্বংস হোৱা খবৰটো প্ৰকৃততে উৰাবাতৰি । বতাহৰ কথা ভাবি আগতীয়াকৈ সেতুটো মুকলি কৰিছে তেওঁলোকে ।

Exit mobile version